![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাৰবি আংলং জিলা প্ৰশাসন সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে ৷ ডিফু নিৰ্বাচন জিলাৰ অধীনস্থ ১৮নং হাওৰাঘাট (জনজাতী) বিধানসভা সমষ্টি আৰু ১৯নং ডিফু (জনজাতি) বিধানসভা সমষ্টিৰ বাবে ৩০ মাৰ্চত জিলাখনৰ ২৪০ কিল’মিটাৰ দূৰত্বৰ দুৰ্গম এলেকা আৰু ভিতৰুৱা অঞ্চলৰ ভোট কেন্দ্ৰসমূহলৈ ইতিমধ্যে প’লিং বিষয়া আৰু প্ৰিজাইডিং বিষয়াসকলে ইভিএম আৰু নিৰ্বাচনী সামগ্ৰীসমূহলৈ গন্তব্য স্থানত অৱস্থান কৰিছে ৷

জিলাখনৰ নিৰ্বাচনী বিষয়া জিণ্টু বৰাই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি আজি প্ৰথম পৰ্যায়ত মুঠ ৪৪টা ভোট কেন্দ্ৰৰ ১৮নং হাওৰাঘাট সমষ্টিত ৩৩টা আৰু ১৯ নং ডিফু বিধানসভা সমষ্টিৰ ১১টা ভোট কেন্দ্ৰলৈ প’লিং আৰু প্ৰিজাইডিং বিষয়াসকল পৰ্যাপ্ত নিৰাপত্তাৰক্ষীসহ গন্তব্যস্থান পাইছে আৰু আজি বাকী থকা ৪৫৬টা ভোটকেন্দ্ৰলৈ পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলে বিভিন্ন যানবাহনলৈ যাত্ৰা কৰিছে ৷ সম্পূৰ্ণ ক’ভিড প্ৰটকলৰ মাজত ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ’ব বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে ৷

আনহাতে বোকাজান নিৰ্বাচনী জিলাৰ ১৭নং বোকাজান (জনজাতি) বিধানসভা সমষ্টিৰ বাবেও ৩০ মাৰ্চত প্ৰতিকুল বতৰৰ স্বত্বেও দূৰ্গম অঞ্চললৈ ট্ৰাক আৰু বিভিন্ন বাহনেৰে ৬৭টা ভোটকেন্দ্ৰত পুলিং বিষয়া আৰু প্ৰিজাইডিং বিষয়াসকল সুকলমে উপস্থিত হৈছে বুলি মহকুমাধিপতি বিবেক শ্যামে সাংবাদিকক জানিবলৈ দিছে ৷ ২২৮টা ভোট কেন্দ্ৰৰ ভিতৰত ১৭টা মহিলা পুলিং বিষয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱাৰ বিপৰীতে ৪টাক আদৰ্শ ভোট কেন্দ্ৰ হিছাপে ধৰা হৈছে বুলিও বোকাজানৰ মহকুমাধিপতিগৰাকীয়ে জানিবলৈ দিছে ৷












