ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসমৰ অনান্য প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙৰ ১৭ নং বোকাজান, ১৮ নং হাওৰাঘাট আৰু ৯ নং ডিফু (জনজাতীয়) বিধান সভা সমষ্টিত পূৱা ৬ বজাৰ পৰা পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া ৷
ভোটদান প্ৰক্ৰিয়াত ভোটাৰ ৰাইজে শাৰীপাতি শৃংঙ্খলাবদ্ধ ভাবে ভোটদান প্ৰক্ৰিয়াত অংশলোৱা দেখা গৈছে। জিলা প্ৰশাসনে ভোটদানৰ বাবে ভোটাৰ ক’ভিড প্ৰট’কল অনুসৰি গ্ল’ভছ, ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰা পৰলক্ষিত হৈছে ৷
ডিফু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৬০ নং ভোট কেন্দ্ৰত ১৯ নং ডিফু বিধান সভা সমষ্টিৰ বিজেপিৰ প্ৰাথী বিদ্যাচিং ইংলেঙে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহন কৰি কয়যে বিজেপিৰ উন্নয়ণমূলক কাম-কাজ দ্বাৰা ৰাইজ উপকৃত হৈ বিজেপিৰ হৈ ভোট দিবলৈ ৰাইজ হিলদল ভাঙি উলাই আহি আজি যি উৎসৱ মূখৰ পৰিবেশ সৃষ্টি কৰিছে তাতে বুজা যায় যে তেওঁ ডিষ্টিংচন লৈ এইবাৰ নিৰ্ব্বাচনী বৈ’তৰনী পাৰ হব বুলি ৰসাল মন্তব্য প্ৰকাশ কৰে৷
আনহাতে জিলাখনৰ নিৰ্বাচনৰ আদৰ্শ পুৰুষ পদ্মশ্ৰী ৰংবং তেৰাঙেও ভোটদান কৰে ৷বাতৰি লিখা পৰলৈকে ডিফুত ১৭’২%, হাওৰাঘাটত ১৪’১% আৰু বোকাজানত ১৪’২৫ % লগতে বৈঠালাংচ ৮ % আৰু হাফলঙত ৮% শতাংশ ভোটগ্ৰহণ কৰা হৈছে ৷