![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কাৰবি আংলং জিলাৰ ক্ৰমে, ১৭নং বোকাজান, ১৮নং হাওৰাঘাট, ১৯নং ডিফু আৰু ২০নং বৈঠালাংছ সমষ্টিত শান্তিপূৰ্ণভাবে ভোটদান সম্পন্ন হৈ যায় ৷ চাৰিওখন অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিত বিভিন্ন দলৰ ৩২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হৈছে ৷
৬ লাখ ৯ ২ হাজাৰ ৭৩২ গৰাকী ভোটাৰে নিৰ্ণয় প্ৰাৰ্থী কেইগৰাকীৰ ভাগ্য ৷ বাতিৰ লিখা পৰলৈকে বোকাজান সমষ্টিত ৭৬.২৫%, হাওৰাঘাট সমষ্টিত ৬৮.৪০%, ডিফু সমষ্টিত ৭১.৩৮% আৰু বৈঠালাংছ সমষ্টিত ৭৩.৩৭ শতাংশ ভোটদান কৰা হৈছে ৷
উল্লেখযোগ্যযে দুদিন ধৰি অব্যাহত থকা প্ৰতিকুল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভোট গ্ৰহণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মাৰ আশংকা কৰা হৈছিল যদিও আজি পুৱাৰে পৰা বতৰ ফৰকাল হোৱাৰ লগতে পুৱাৰে পৰা জিলা কেইখনৰ ভোট কেন্দ্ৰ সমুহত ব্যাপক হাৰত ভোটাৰে ভিৰ কৰিবলৈ লোৱা পৰিলক্ষিত হয় ৷
অৱশ্যে, ইভিএমৰ বিসংগতিৰ বাবে ঠায়ে ঠায়ে ভোট গ্ৰহণ প্ৰক্ৰিয়াত কিছু বিলম্ব হোৱাৰ বাতৰি পোৱা গৈছে ইভিএমৰ বিসংগতিৰ প্ৰসংগক কেন্দ্ৰ কৰি আজি বকলীয়াঘাটৰ এটা ভোট কেন্দ্ৰত সামান্য পৰিমাণে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰো সৃষ্টি হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি হাতীপোৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত আজি পুৱাৰ ভাগত ১৭১টা ভোটদান সম্পন্ন হোৱাৰ পিছতে ইভিএমৰ বিসংগতিয়ে দেখা দিছে লগে লগে কেন্দ্ৰটোত এটা নতুন ইভিএমৰ মেচিন আনি ভোট গ্ৰহণ কৰিবলৈ লোৱাৰ লগে লগে ভোট কেন্দ্ৰটোত থকা বিভিন্ন দলৰ কৰ্মী-সমৰ্থকসকলে ইয়াৰ বিৰোধিতা কৰে ৷
ইভিএম সাল-সলনি সম্পৰ্কে ভোট কেন্দ্ৰত উপস্থিত থকা বিভিন্ন দলৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনা তথা অৱগত নকৰাৰ প্ৰসংগকলৈ ভোট কেন্দ্ৰটোত এক উত্তেজনা পূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় ৷ অৱশ্যে পিছত বিষয়টো সন্দৰ্ভত এক মীমাংসাৰ জৰিয়তে পৰিস্থিতি শান্ত হোৱাৰ লগতে ইয়াৰ পিছৰে পৰা কেন্দ্ৰটোত শান্তিপূৰ্ণভাবে ভোটদান অনুষ্ঠিত হয় ৷
আনহাতে জিলাখনৰ ৰিটাৰ্ণং বিষয়াই বিষয়টো সন্দৰ্ভত এক স্পষ্টিকৰণ দি উল্লেখ কৰে যে ডিফু বিধানসভা সমষ্টি ৭৬ হাতীপোৰা এলপি স্কুল ভোট কেন্দ্ৰত ইভিএম মেচিনত বিসংগতি হোৱাত সমষ্টিটোৰ ১৫নং ক্ষেত্ৰৰ ক্ষেত্ৰ বিষয়া বৰচিং ৰংপিয়ে AS01GC 3773 ছ্ইফট ডিজায়াৰ গাড়ীখনেৰে ইভিএম সলনি কৰিছিল যিটো উক্ত গাড়ীখন দুটা ইভিএম আৰু ভিভিপেটসহ পোৱা বুলি ওলোৱা খবৰ সত্য নহয় বুলি স্পষ্টীকৰণ দিছে ৷ বোকাজান আৰু হাফলঙতো দুই এটা ভোট কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়াত বিলম্ব হোৱাৰ বাতৰি পোৱা গৈছে৷
ইয়াৰ মাজতে আজি পাহাৰীয়া জিলাখনত উপস্থিত হৈ আইন শৃংখলাৰ পৰিস্থিতিৰ বুজ লয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰজ্যোতি মহন্তই ৷ আজি পুৱাৰ ভাগত অসম আৰক্ষীৰ শীৰ্ষতম বিষয়াগৰাকীয়ে ডেনগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত থকা চাৰিটা ভোটকেন্দ্ৰ পৰিদৰ্শণ কৰি কেন্দ্ৰটোত থকা কৰ্তব্যৰত আশাকৰ্মী, গৃহৰক্ষী বাহিনীৰ জোৱান আৰু আৰক্ষীৰ লোকসকলৰ সৈতে মত-বিনিময় কৰে ৷
ইয়াৰ পিছত আৰক্ষীৰ শীৰ্ষতম বিষয়াগৰাকীয়ে অত্যন্ত ভিতৰুৱা এলেকাসমূহত থকা ভোট কেন্দ্ৰ সমূহৰো পৰিস্থিতিৰ বুজ লয় ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত আৰক্ষী বিষয়াগৰাকীয়ে জিলাখনৰ সকলো প্ৰান্ততে ভোট গ্ৰহণ সুকলমে অনুষ্ঠিত হোৱাৰ বাবে আৰক্ষীয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৷












