![]()
ছাইদুল ইছলাম
ডিফু : ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ কালি অনুষ্ঠিত হৈ যোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত একাংশ বাহনত ইলেক্ট্ৰ’নিক ভোটিং মেচিন কঢ়িয়াই লৈ ফুৰাৰ বাতৰি তথা দৃশ্যাংশ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ইয়াকে লৈ আনকি কালি জিলাখনৰ একাধিক স্থানত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰো সৃষ্টি হয়। ইয়াৰ পিছতে আজি এক বিবৃতিযোগে বিষয়টো সন্দৰ্ভত নিজা স্থিতি স্পষ্ট কৰিছে কাৰ্বি আংলং জিলা নিৰ্বাচনী বিষয়াই। জিলা নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা প্ৰকাশ কৰা বিবৃতিটোত উল্লেখ কৰা অনুসৰি ১৮নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বাবে ২৫ গৰাকী ছেক্টৰ বিষয়া আৰু ১৯নং ডিফু বিধানসভা সমষ্টিৰ বাবে ৪৮ গৰাকী ছেক্টৰ বিষয়াৰ দায়িত্বত ১৩০টা ইলেক্ট্ৰ’নিক ভোটিং মেচিন দিয়া হৈছিল। ভোটগ্ৰহণ কেন্দ্ৰসমূহত ইলেক্ট্ৰনিক ভোটিং মেচিনত কোনো বিসংগতিয়ে দেখা দিলে লগে লগে যাতে উক্ত কেন্দ্ৰসমূহত বিকল্প ইভিএমৰ যোগান ধৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনে ব্যৱস্থা কৰা হৈছিল ৷
এক বৃহৎ পাহাৰী এলেকা সামৰি লোৱা ভোটকেন্দ্ৰসমূহত এনে সেৱা উপলব্ধ কৰোৱাৰ বাবে ছেক্টৰ বিষয়াসকলৰ হাতত ইভিএম মেচিনৰ ব্যৱস্থা অবিহনে ইভিএমৰ বিসংগতি দেখা দিয়া ভোট কেন্দ্ৰসমূহত বিকল্প ইভিএম যোগান ধৰাটো তেনে সহজ কাম নহ’লহেতেন বুলি বিবৃতিটোত প্ৰকাশ ৷
ভাৰতীয় নিৰ্বাচন আয়োগৰ ২০১৯ চনৰ ৫ ফেব্ৰুৱাৰীৰ পত্ৰ নং ৫১/৮/আইএনএছটি/২০১৯/ ইএমপিছ অনুসৰি এনে ব্যৱস্থা কৰা বুলি উল্লেখ কৰীৰ লগতে এনেদৰে দিয়া ইভিএমসমূহৰ সবিশেষ তথ্য ছেক্টৰ বিষয়াসকলে কঢ়িয়াই নিয়া বাহনসমূহৰ পঞ্জীয়ন নম্বৰসহ সবিশেষ নিৰ্বাচন এজেণ্ট আৰু প্ৰাৰ্থীসকললৈ প্ৰেৰণ কৰা হৈছিল বুলি বিবৃতিটোত স্পষ্ট কৰা হৈছে৷













