![]()
ছাইদুল ইছলাম:
ডিফু : স্বামী-স্ত্ৰীৰ মাজত হোৱা ঘৰুৱা কাজিয়াৰ এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে কাৰবি আংলং জিলাৰ ধনশিৰিত ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি ডিমাপুৰৰ ধনশিৰিপাৰত কৃষিকৰ্ম কৰি জিৱীকা নিৰ্বাহ কৰা হোজাই জিলাৰ লংকাৰ নখুটি অঞ্চলৰ বাসিন্দা আব্দুল কাদিৰৰ পুত্ৰ হাফিজউদ্দিন (২৮) শুকুৰবাৰে ভোটদান কৰি ডিফু-ধনশিৰি পথৰ নতুন বস্তিত ককায়েক মজিবুৰ ৰহমানৰ ঘৰত আহিছিল ৷
আজি সন্ধিয়া ককায়েক ঘৰত নথকা অৱস্থাত হাফিজ উদ্দিন আৰু তেওঁৰ পত্নী লিলিমা বেগমে দুৰ্বাদল ঘৰুৱা কাজিয়াত লিপ্ত হয় ৷ ফল স্বৰূপে হাফিজ উদ্দিনে ককায়েকৰ ঘৰত থকা দালৈ পত্নী লিলিমাৰ ডিঙি কাটি হত্যা কৰাৰ লগতে নিজেও সেই দাৰেই ডিঙি কাটি আত্মঘাতী হয় ৷
ঘটনাৰ সম্ভেদ লাভ কৰি ধনশিৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰীকাই সংগীয় ষ্টাফসহ ঘটনাস্থলী পৰিদৰ্শন কৰি মূমূৰ্ষ অৱস্থাত থকা হাফিজ উদ্দিনক চিকিৎসালয়লৈ লৈ যাব খোজে যদিও বাটতে হাফিজ উদ্দিনে শেষ নিশ্বাস ত্যাগ কৰে ৷ এই সন্দৰ্ভত এক অপঘাতী গোছৰ পঞ্জীয়ন কৰিব বুলি জানিবলৈ দিছে ৷













