ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : শুকুৰবাৰে পুৱা কাৰবি আংলং-নাগালেণ্ড সীমান্তত সংধটিত হ’ল এক শিহৰণকাৰী দৃশ্য ৷ অন কেমেৰাৰ সন্মুখতে ধনশিৰি নদীত বোৰ গ’ল চালক আৰু এজন যাত্ৰীসহ বলেৰ’গাড়ী ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা ১ এপ্ৰলিলত নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ শিঙৰীজানৰ পৰা চালকসহ দুজনলোক ভোট দিবলৈ ধনশিৰি নদীৰ ওপৰত থকা ৰেলৱে ব্ৰিজৰ তলেৰে ও নদীৰ পানীৰ মাজেৰে বলেৰ’লৈ আহিছিল ৷ ভোটদান কৰাৰ পিছত শুকুৰবাৰে পুনৰ পুৱা প্ৰায় ৯-৩০ মান বজাত উক্ত পথেৰে উভতি আহি ধনশিৰি নদীৰ মাজেৰে গাড়ীলৈ যাত্ৰা কৰে ৷ সেই সময়ত অহা তাৎক্ষণিক বাঢ়নী পানীয়ে বলেৰ’খন বুৰাই পেলায় ফলত বলেৰ’খনৰ লগত ডুব যায় চালকজনৰ লগত আন এজন লোক ৷
কিন্তু সৌভাগ্য ক্ৰমে দুয়োজন লোক ডুবন্ত গাড়ীখনৰ পৰা বাহিৰলৈ ওলাই সাঁতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে দুঘণ্টা মানৰ পিছত জেচিবি লগাই বলেৰ’খন পানীৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷ সমগ্ৰ শিহৰণকাৰী দৃশ্য প্ৰত্যক্ষদৰ্শীয়ে কেমেৰাত বন্দী কৰি থৈছিল ৷ বাতৰি লিখা পৰলৈকে গাড়ীখনৰ নম্বৰ আৰু যাত্ৰীসকলৰ নাম জানিব পৰা হোৱা নাই ৷