ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কালি খটখটী থানা এলেকাৰ ছানডে মাৰ্কেটত অস্ত্ৰ-শস্ত্ৰসহ দুই যুৱক আটক হোৱাৰ পিছত পুনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত আজি বিয়লি আৰক্ষীয়ে অভিযান চলাই পিষ্টলসহ দুজন নগা যুৱকক গ্ৰেপ্তাৰ কৰা ঘটনাকলৈ এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰৰ চক্ৰ পৰিদৰ্শক ভূপেন কলিতা, কাৰাগাঁও তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণ কুমাৰ নাথ আৰু খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খটখটী থানাৰ অন্তৰ্গত বালিজান খানবস্তিত এক তালাচী অভিযান চলায় ।
আৰক্ষীৰ তালাচী অভিযান চলি থকা অৱস্থাতে বিয়লি প্ৰায় ৪.৩০ বজাত এনএল-০৭-এফ-৩৭৯২ নম্বৰৰ এখন অট’ৰিক্সাৰ পৰা এটা পইন্ট ২২ পিষ্টল আৰু মেগজিনসহ তিনিজাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা যুৱক দুজন ক্ৰমে বাহনখনৰ চালক তথা ডিমাপুৰ পুৰণা বজাৰ নিবাসী কিভিক’ চিশ্বি (২৬) আৰু নাগালেণ্ডৰ জুনহেবোটোৰ খুকিশ্বে নিবাসী কিভিক’ য়াপ্ট’ বুলি চিনাক্ত কৰা হৈছে।