ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কালি নিশা মাঞ্জাত সংঘটিত হয় এক শোকাৱহ পথ দূৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ৯-৪০ মান বজাত মাঞ্জা থানাত গাড়ীৰ চালক হিছাপে নিযুক্তি পোৱা হ’ম গাৰ্ড সঞ্জীত নাথে লংনিটৰ পৰা মাঞ্জা অভিমুখে নিজৰ গৃহাভিমুখে আহি থকা অৱস্থাত মাঞ্জা থানা এলেকাৰ ৰংবং পথাৰৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত একে দিশৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা NL 01 AC 6349 পঞ্জীয়ন নম্বৰৰ ১২ চকীয়া ট্ৰাকখনে সঞ্জীত নাথ পিছফালৰ পৰা খুন্দিয়াই দিয়াৰ ফলত সঞ্জীত নাথ থিতাতে নিহত হয় ৷
ঘটনা সংঘটিত কৰি চালকজনে গাড়ীখনলৈ তীব্ৰ বেগে আগুৱাই গৈ আমলখিৰ ওচৰত গাড়ীখন পুণৰ দূৰ্ঘটনা সংঘটিত কৰি পেলাই পলাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে গাড়ীখনৰ হেণ্ডিমেনক আটক কৰে ৷
আনহাতে উক্ত খবৰ লাভ কৰি কাৰবি আংলং মটৰ পৰিবহন আৰু চালক সন্থাই প্ৰয়াত সঞ্জীত নাথৰ পৰিয়াল বৰ্গলৈ গভীৰ শোক আৰু সমবেদনা জ্ঞাপন কৰে ৷
এক প্ৰেছ বিবৃতিত সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে আব্দুল নুৰ আৰু কৃষ্ণ ভট্টৰায়ে প্ৰয়াত সঞ্জীত নাথ মৃত্যুৰ পূৰ্বলৈকে কাৰবি আংলং মটৰ পৰিবহন আৰু চালক সন্থাৰ সক্ৰিয় কাৰ্যবাহী সদস্য থকাৰ লগতে সৎ আৰু সৰল প্ৰক্ৰিয়াৰ লোক আছিল বুলি উল্লেখ কৰে ৷ তেওঁৰ বিদেহি আত্মাৰ সদ্গতি কামনা কৰিছে সন্থাৰ শীৰ্ষ নেতৃবৰ্গই ৷