ছাইদুল ইছলাম
ডিফু : আজি সন্ধিয়া বকলীয়াঘাটত সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী যুৱতী থিতাতে নিহত হোৱাৰ বিপৰীতে আন চাৰিজন লোক অতি গুৰুতৰভাৱে আহত হয় । ঘটনাৰ বিৱৰণ অনুসৰি আজি সন্ধিয়া প্ৰায় ৬.২০ বজাত ডিমাপুৰৰ দিশে গৈ থকা এনএল-০২-চি-৯৩৫০ নম্বৰৰ আইটেন বাহনখন বকলীয়াঘাট থানাৰ অন্তৰ্গত চিকাৰীগেট নামৰ ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে এটা কেকুঁৰি অতিক্ৰম কৰিবলৈ লওতেই বিপৰীত দিশৰ পৰা আহি থকা এএছ-০১-জেচি-৭৭১৯ নম্বৰৰ তীব্ৰবেগী ট্ৰাকখনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত বাহনখনৰ চালককে ধৰি মুঠ ছজন লোক অতি গুৰুতৰভাৱে আহত হয়।
ইয়াৰে, ৰাবিয়া বেগম (২৪) নামৰ যুৱতীগৰাকী চিকিৎসালয় আহি পোৱাৰ পূৰ্বেই মৃত্যু হয়। দুৰ্ঘটনাটোত আহত আইটেনখনৰ বাকীসকল যাত্ৰী ক্ৰমে চালক জিয়াবুৰ ৰহমান (৩৫), মাজিদা হক (১৮), আছমা বেগম (১৫), জায়েদা বেগম (১৭), ফাতিমা বেগম (২২) বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাৰ ফলত আইটেনখন তেনেই চূচুৰ্মৈ হয় । বাহনখনৰ চালকগৰাকী অতি সংকটজনক অৱস্থাত প্ৰায় এঘন্টা ধৰি বাহনখনৰ ভিতৰতে আৱদ্ধ হৈ পৰে। পিছত এক্সকেভেটৰৰ সহায়তহে চালকজনক উদ্ধাৰ কৰা হয় । আহতসকলক ততালিকে বকলীয়াঘাট চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
ইয়াৰে আইটেনখনৰ চালক জিয়াবুৰ ৰহমান তথা আন দুগৰাকী যুৱতী ক্ৰমে ফাতিমা বেগম আৰু মাজিদা হকক অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে । নগাঁও জিলাৰ কামপুৰত এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ্বি আংলং জিলাৰ খটখটী থানাৰ অন্তৰ্গত বালিজান খানবস্তিস্থিত নিজা ঘৰলৈ ওভতি অহা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয়।