![]()
নগাঁও : এফালে প্ৰশাসনৰ শিথিলতা আনফালে ৰাইজৰ সচেতন হীনতা। ইয়াৰ মাজতে নগাঁও জিলাত অতি উদ্বেগজনক ভাৱে বৃদ্ধি পাব ধৰিছে ক’ৰনাত আক্ৰান্তৰ সংখ্যা। আজিও জিলাখনৰ বিভিন্ন স্থানত চাৰিগৰাকীকৈ লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰে। আক্ৰান্তসকলৰ ভিতৰত এটি শিশু আৰু এটি কিশোৰো আছে । আজি কৰ’নাত আক্ৰান্ত বুলি নিশ্চিত কৰা লোক সকল হৈছে -বেবেজীয়াৰ অংকুৰ সিং (৬), পাৰ্ণী সিং (১৫), মৰিকলং বৰঘাটৰ যতীন হাজৰিকা (৫০) আৰু মৰিকলঙৰ লক্ষীনন্দন মাহাতু (৪৫)। এওঁলোকৰ দুজন ৰেপিড এন্টিজেন আৰু আন দুজনক আৰ টি পি চি আৰৰ জৰিয়তে তেওঁ লোকৰ দেহত কৰ’নাৰ বীজাণু থকাটো ধৰা পেলায়।
আনহাতে কালিও ১২জন লোকৰ দেহত কোভিড-১৯ ধৰা পৰিছিল। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বিগত এমাহত জিলাখনৰ ৪১ গৰাকী কোভিড আক্ৰান্ত লোকে হোমকোৱাৰেন্টাইনত থাকি প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰিছে। এনেদৰে জিলাখনত নিতৌ কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত জনসাধাৰণ শংকিত হৈ পৰে। আচৰ্যজনক বিষয় এই যে কৰ’নাত আক্ৰান্তৰ অধিকাংশৰে কোনো ভ্ৰমণ বিত্তান্ত নাই।













