নিউজ ডেস্কঃ
বিজেপিয়ে কেৱল বংগ, অসম, কেৰালা, পুডুচেৰি আৰু তামিলনাডুক লৈয়ে মূৰ ঘমোৱা নাই। ইয়াৰ মাজতে সংযোগ হৈছে মহাৰাষ্ট্রও। সোমবাৰে মহাৰাষ্ট্রৰ গৃহমন্ত্রী অনিল দেশমুখে নিজৰ পদৰ পৰা ইস্তফা দিয়ে। ইয়াৰ পিছৰ পৰাই মহাৰাষ্ট্রৰ জোঁট চৰকাৰৰ ওপৰত আশঙ্কাৰ মেঘে ছানি ধৰে। আৰু ইয়াৰ মাজতে বৃহস্পতিবাৰে মহাৰাষ্ট্রৰ বিজেপি নেতা চন্দ্রকান্ত পাটিলে দাবী কৰিছে যে আগন্তুক ১৫ দিনৰ ভিতৰত মহাৰাষ্ট্রৰ জোঁট চৰকাৰৰ আৰু দুই মন্ত্রীয়ে ইস্তফা দিবলৈ আগবাঢ়িছে। তেওঁ লগতে দাবী কৰিছে যে মহাৰাষ্ট্রত ৰাষ্ট্রপতি শাসন জাৰি কৰাৰ দৰে অৱস্থা সৃষ্টি হ’ব।
উল্লেখ্য, মুম্বাইত মুকেশ আম্বানিৰ ঘৰৰ সন্মুখত এখন বিস্ফোৰক ভৰ্তি গাড়ী উদ্ধাৰ হোৱাৰ পিছৰ পৰাই এই কাণ্ড-কাৰখানা আৰম্ভ হয়।
ইয়াৰ মাজতে বিজেপিৰ নেতা চন্দ্রকান্ত পাটিলে দাবী কৰে যে অহা ১৫ দিনৰ ভিতৰত মহাৰাষ্ট্রত বহু ঘটনা ঘটিবলৈ আগবাঢ়িছে। তেওঁ কয়, মহাৰাষ্ট্রৰ আৰু দুজন মন্ত্রীয়ে ১৫ দিনৰ ভিতৰত পদত্যাগ কৰিব। কেইবাজনেও এই দুই মন্ত্রীৰ বিৰুদ্ধে আদালতত অভিযোগ দাখিল কৰিব। ইয়াৰ ফলতেই তেওঁলোকে ইস্তফা দিব। মহাৰাষ্ট্রত আগন্তুক কিছুদিনৰ ভিতৰত ৰাষ্ট্রপতি শাসন বলৱতৰ দৰে পৰিস্থিতি সৃষ্টি হ’ব বুলিও তেওঁ কয়৷