ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত আজি সন্ধিয়াৰ ভাগত এক আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি ডিফু উপায়ুক্ত কলনিৰ পুলিছ কোৱাৰ্টাৰত সংঘটিত হৈছে এই আত্মহত্যাৰ ঘটনা ৷ ঘৰত কোনো নথকা অৱস্থাত পৰাগ কুমাৰ বৰা নামৰ আৰক্ষীৰ চিপাহীজনে চিলিঙফেনত গামোছাৰে চীপলৈ আত্মহত্যা কৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷
পৰাগ কুমাৰ বৰাৰ পত্নীয়ে ঘৰত প্ৰৱেশ কৰি স্বামীক চিলিঙ ফেনত উলমি থকা প্ৰত্যক্ষ কৰে ৷ প্ৰয়াত পৰাগ কুমাৰ বৰা ডিফু ন্যায়িক আদালতৰ পি আই কোৰ্টত চিপাহী ৰূপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ সম্ভেদ লাভ কৰি ডিফু থানাৰ পৰা আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহৰ চুৰৎহাল কৰায় আৰু মৰণোত্তৰৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ এই সন্দৰ্ভত ডিফু থানাত ১২/২০২১ নম্বৰত এক ইউ/ডি গোছৰ ৰুজো কৰি তদন্ত অব্যাহত ৰাখিছে ৷ বাতৰি লিখা পৰলৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷