ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসম বিধান সভা নিৰ্বাচনৰ ১২৬ টা বিধান সভা সমষ্টিৰ পাৰ্বত্য জিলা পশ্চিম কাৰবি আংলঙৰ ২০ নং বৈঠালাংচ সমষ্টিত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী ৰূপছিং টেৰণে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে ৷ মুঠ ১৬ টা ৰাউণ্ডৰ ভোট গণনাৰ অন্তত ৰূপছিং টেৰণে মুঠ ৮৮৭২৭টা ভোট লাভ কৰে ৷
তেওঁৰ নিকটতম প্ৰতিদ্বন্ধী কংগ্ৰেছৰ আগষ্টিন ইংহিতকৈ ৫২,৯২৯ ভোটৰ বৃহৎ ব্যৱধানত জয়ী হয় ৷ আগষ্টিন ইংহিয়ে লাভ কৰে ৩৫৭৯৮ টা ভোট ৷ ইয়াৰে এএছডিচিৰ ছাৰচিং ইংহিয়ে লাভ কৰে ১১৪৬৬ টা, এপিএইছএলচিৰ বিক্ৰম হাঞ্চেই লাভ কৰিছে ১৭৮৯৬ টা, এনপিপিৰ ৱেলকাম টেৰণে ১৮৫৮ টা ভোট, চিপিআইএমএলৰ প্ৰতিমা ইংহিপীৰ ১৪৪৫ টা ভোট, জেডি(ইউ) সীমা ইংতিপিয়ে ৯৩৫ টা আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰাৰ্থী ৰীণা বেপীয়ে ১২০৬ টা ভোট লাভ কৰে ৷
ন’টা ভোট পৰে ২০৬৩ টা ৷ উল্লেখযোগ্যযে, ২০ নং বৈঠালাংছ সমষ্টিত বিজেপি এইবাৰ পূৰ্বৰ বিজেপিৰ বিধায়ক ডাঃ মানচিং ৰংপিক টিকট প্ৰদান নকৰি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰূপচিং টেৰণক টিকট প্ৰদান কৰি বৃহৎ সংখ্যক ভোটেৰে দলক জয়ী কৰিবলৈ সক্ষম হয় সক্ষম হয় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজয়ী প্ৰাৰ্থী ৰূপছিং ৰংহাঙে কয় যে, তেওঁ বৈঠালাংছবাসীৰ আশা আকাংখা আৰু উন্নয়ণৰ বাবে নিষ্ঠাৰে কাম কৰি যাব ৷