নিউজ ডেস্কঃ
খং-অভিমানত গৰজি উঠিছে অমিতাভ বচ্চন! নেটিজেনসকলৰ ইমান দিনৰ অভিযোগ আছিল, সকলো সময়তে নেট মাধ্যমত সক্রিয় থকাৰ বাহিৰে তেওঁৰ আন একো কামেই নাই ! অৱশ্যে অমিতাভে ইমান দিনে এই অভিযোগৰ কোনো জবাব দিয়া নাছিল। মনে মনে সকলো হজম কৰি আহিছিল। সোমবাৰে যেন নতুনকৈ জাগ্ৰত হৈ উঠে ৰূপালী পর্দাৰ ‘খঙাল যুৱক’জন। দিল্লীৰ ‘শ্রীগুৰু টেগ বাহাদুৰ কোভিড কেয়াৰ চেণ্টাৰ’ত ২ কোটি টকা দান দিয়াৰ পিছতেই সন্মুখলৈ আহিল তেওঁৰ বিগত এবছৰৰ দানৰ হিচাব!
বিগত বছৰ তেওঁ আৰু তেওঁৰ পৰিয়ালে সর্বপ্রথম সাহায্যৰ হাত আগবঢ়ায় কোভিডত বিপর্যস্ত দিন মজদুৰৰ দিশে। সম্পূৰ্ণ এমাহ দেশৰ ৫ হাজাৰ চহৰত বিয়পি থকা ৪ লক্ষ শ্রমিকৰ দুবেলাৰ অন্ন সংস্থাপনৰ দায়িত্ব লৈছিল তেওঁ। তাতেই শেষ নহয়। প্রশাসন আৰু চিকিৎসা সেৱাৰ সৈতে জড়িত কর্মচাৰীসকলৰ পিপিই কিটৰ বন্দোবস্ত কৰা হৈছিল অমিতাভৰ ব্যক্তিগত পুঁজিৰ পৰা। অতিমাৰি ৰুধিবলৈ সক্রিয় শিখ জনসেৱা সংগঠনক দানৰ উপৰি বহু প্ৰব্ৰজিত শ্রমিকক ঘৰলৈ উভতাৰ ব্যৱস্থাও কৰিছিল অমিতাভে। তেওঁলোকৰ যাতায়াতৰ বাবে বাছৰ ব্যৱস্থাও কৰি দিছিল।
কেৱল বাছেই নহয়, যাতায়াতৰ সুবিধার্ধে ২৮০০ যাত্রীয়ে যাতায়াত কৰিব পৰা এখন ৰে’লৰেই বন্দোবস্ত কৰি দিছিল তেওঁ। হঠাৎ কৰোনাৰ প্রকোপ বৃদ্ধি পোৱাত ৰে’লসেৱা বন্ধ কৰিবলগা হয়। লগে লগে তেওঁ ৰে’লৰ পৰিৱর্তে ৪খন ব্যক্তিগত বিমান ভাড়া কৰি দিয়ে। উক্ত বিমানত উঠি বিহাৰ, উত্তৰ প্রদেশ, ৰাজস্থান আৰু জম্মু-কাশ্মীৰৰ শ্ৰমিকসকলে নিজৰ ঘৰলৈ উভতি গৈছিল।
ইয়াৰ পিছত সোমবাৰে ৰাজধানীৰ শিখ গুৰুদ্বাৰ ব্যৱস্থাপক সমিতিক কোভিড চেণ্টাৰ পৰিচালনাৰ বাবে ২ কোটি নগদ ধন প্ৰদানৰ লগত অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা কৰি দিব বুলিও আশ্বাস দিয়ে৷ সংবাদ মাধ্যমৰ সূত্র মতে, ২ অনাথ শিশুকো তুলি লৈছে বচ্চন পৰিয়ালে। তেওঁলোকৰ পিতৃ-মাতৃৰ কোভিডত মৃত্যু হৈছে।
এবছৰ পিছত নিজৰ দানৰ হিচাব দিবলৈ গৈ প্রতি পদতে লজ্জিত বুলি জনাইছে বিগ বিয়ে। তেওঁ আক্ষেপ কৰি কয়, ‘‘সৰুৰে পৰা শিৰিছো, দান কৰি তাক সকলোৰে সন্মুখত প্রচাৰ কৰিব নালাগে। ইয়াৰ দ্বাৰা যিয়ে দিছে আৰু যাক দিছে, উভয়েই সৰু হৈ পৰে।’’ প্রবীণ অভিনেতাগৰাকীৰ দাবী, সময় সলনি হৈছে। এতিয়া সামান্য কিবা এটা কৰিলেই সেয়া প্রচাৰ কৰিব লাগে। আনক জনাব লাগে। নহ’লে সকলোৱে ভাবে, একো নকৰি কেৱল ডাঙৰ ডাঙৰ লেকচাৰ মাৰি ফুৰা বুলি৷ সঁচাকৈয়ে বহুত খং উঠিছে অমিতাভ বচ্চনৰ৷