নিউজ ডেস্কঃ
অপেক্ষাৰ অন্ত পৰিল। শনিবাৰে দুপৰীয়া এটি পুত্র সন্তান জন্ম দিলে কণ্ঠশিল্পী শ্রেয়া ঘোষালে। তেওঁ নিজেই ইনষ্টাগ্রামত অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে এই সুখবৰ।
শ্রেয়াই লিখিছে, ‘ঈশ্বৰৰ কৃপাত শনিবাৰে দুপৰীয়া আমাৰ পুত্র সন্তান হৈছে। এনে অনুভূতি আগতে কেতিয়াও হোৱা নাই। শিলাদিত্য আৰু মই অতি আনন্দিত। আপ্লুত আমাৰ পৰিয়ালো৷’ সকলোৰে প্রার্থনা আৰু আশীর্বাদৰ বাবেও ধন্যবাদ জনাইছে তেওঁ।
উল্লেখ্য, বিগত ৪ মার্চত টুইটাৰযোগে শ্রেয়াই জনাইছিল যে তেওঁ মাতৃ হ’বলৈ আগবাঢ়িছে। তেওঁ লিখিছিল, ‘শ্রেয়াদিত্য অহাৰ পথত। ইয়াৰ পিছত স্বামী শিলাদিত্য মুখাৰ্জীক টেগ কৰি লিখে, ‘মই আৰু শিলাদিত্যই আপোনালোকৰ সৈতে এই সুখবৰ শ্বেয়াৰ কৰিবলৈ পাই অতি আনন্দিত। আমাৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ হ’বলৈ আগবাঢ়িছে। আপোনালোকৰ আশীর্বাদ আৰু শুভকামনা আমাৰ প্রয়োজন৷’