![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে কাৰবি আংলং জিলাৰ বোকাজান মহকুমা আৰক্ষীয়ে ৷ প্ৰাপ্ত খবৰ অনুসৰি বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষীৰ নাকা তালাচীত জব্দ কৰে ৭২৩ গ্ৰাম ড্ৰাগছ। ৬৪টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি। AS19-AC-0074 নম্বৰৰ বাছখনত আনিছিল ড্ৰাগছখিনি। ঘটনাৰ সৈতে জড়িত ৰিম্পা হাজৰিকা নামৰ এগৰাকী মহিলাক (৪০)আটক কৰে বৰপথাৰ আৰক্ষীয়ে। দিনৰ প্ৰায় ১১:৩০ বজাত বাছখনৰ তালাচীত জব্দ ড্ৰাগছখিনি ।
অভিযানটোৰ নেতৃত্ব দিছিল বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি বৰা আৰু খটখটী আৰক্ষী থানাৰ আৰক্ষী বিষয়া চৰণ মোহন চেতিয়াই । ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰিম্পাৰ ঘৰ বোকাজানৰ খটখটিত বুলি জানিব পৰা গৈছে। লকডাউনৰ সুযোগ লৈ এনেদৰে সুবিধা লৈছে একাংশ অসাধু ড্ৰাগছ ব্যৱসায়ীসকলে।
আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি ড্ৰাগছখিনি গুৱাহাটীলৈ লৈ যোৱাৰ কথা আছিল আৰু তাতেই কোনো অজ্ঞাত লোকক দিয়াৰ কথা আছিল কিন্তু বোকাজান আৰক্ষীৰ হাতৰ পৰা সাৰি নগ’ল ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছখিনি। প্ৰত্যেক দিনাই অতি কৌশলগতভাবে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই বোকাজানৰ মাজেৰে সৰবৰাহ কৰিবলৈ চেষ্টা কৰে আৰু যাক লৈ এতিয়া তৎপৰ হৈ পৰিছে বোকাজান মহকুমা আৰক্ষী। কাৰ্বি আংলং আৰক্ষীৰ কষ্ট আৰু একাগ্ৰতাৰ ফলত মণিপুৰ-নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰা প্ৰত্যেকখন বাহন তন্ন তন্নকৈ পৰীক্ষা কৰাৰ বাবেই সম্ভৱ হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। মুলতঃ মণিপুৰ-নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰে ৩৬ আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰু আৰু এই দুয়োটা পথতেই এতিয়া চোকা দৃষ্টি বোকাজান মহকুমা আৰক্ষী তথা কাৰ্বি আংলং আৰক্ষীৰ ।












