![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ মাঞ্জাত ৭২টাকৈ সন্দেহযুক্ত চুৰি চিলিণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ চোৰাংচোৱাৰ পৰা সংগৃহিত খবৰ অনুসৰি যোৱা ২৬ তাৰিখে নিশা কাৰবি আংলং জিলাৰ উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ষ্টাফৰ সহযোগত মাঞ্জাত বিশেষ নাকা তালাচী চলায়৷ তালাচী কালত NL 01 N 8860 এখন ১২ চকীয়া ট্ৰাকত তালাচী চলাই ট্ৰাকখনত চিমেণ্টৰ বেগৰ তলৰ পৰা ২২টাকৈ খালী চিলিণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ্ভত আৰক্ষীয়ে কাৰবি আংলং জিলাৰ হাওৰাঘাটৰ ফণীধৰ বৰাৰ পুত্ৰ দিব্যজ়্যোতি বৰা (৩১)ক আটক কৰে ৷ আৰক্ষীৰ ওচৰত দিব্যজ্যোতিয়ে খালী চিলিণ্ডাৰখিনিৰ কোনো নিৰ্ভৰযোগ্য নথিপত্ৰ দেখুৱাব নোৱাৰিলে বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ ৷ সেয়ে উদ্ধাৰ হোৱা চিলিণ্ডাৰসমূহ চুৰিৰ হ’ব পাৰে আৰু চিলিণ্ডাৰসমূহ বহি ৰাজ্যলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীৰ সুত্ৰটোৰ জৰিয়তে জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত মাঞ্জা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৯/৪১১/৩৪ , ২৬/২০২১ নম্বৰত এক গোছৰ ৰুজো কৰা হৈছে বুলি জানিব পৰা গৈছে ৷












