![]()
ডিফু : কাৰবি আংলঙ জিলাত ক’ভিড ১৯ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজি সংবাদ কৰ্মী আৰু ৰে’ল কৰ্মীসকলে ডিফু ৰে’ল ষ্টেছনত ক’ভিড-১৯ৰ ভেকচিন গ্ৰহণ কৰে ৷ কাৰবি আংলং জিলা প্ৰেছ ক্লাৱ আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ আবেদনৰ ভিত্তিত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই ক’ভিড-১৯ৰ সন্মুখৰ যুদ্ধা হিচাপে সংবাদ কৰ্মীসকলৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত ক’ভিশ্বিল্ড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰি দিয়ে ৷

ডিফু ৰে’ল ষ্টেচনৰ এটি উচ্চ শ্ৰেণীৰ কোঠাত সংবাদ কৰ্মীৰ লগতে ৰে’ল কৰ্মীসকলক উক্ত ভেকচিন প্ৰদান কৰা হয় ৷ সংবাদ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত ষ্টেচন মাষ্টাৰে কয় যে ডিফু ৰে’ল ষ্টেচনত ক’ভিড-১৯ ভেকচিন প্ৰদানৰ এইটো দ্বিতীয় শিৱিৰ ৷ এই শিৱিৰত সংবাদ কৰ্মীৰ লগতে ৰে’ল কৰ্মীসকলে স্বেচ্ছাই অংশগ্ৰহণ কৰি বিনা দ্বিধাই ক’ভিডৰ ভেকচিন গ্ৰহণ কৰি সৰ্বাত্মক সঁহাৰি জনোৱাৰ বাবে শিৱিৰৰ উদ্যেশ্য সফল হৈছে ৷












