![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ক্ৰমাগতভাবে দ্বিতীয়বাৰ বাবে ৰাজ্য চৰকাৰ গঠন কৰিয়েই শাসকীয় চৰকাৰখনে ৰাজ্যৰ ১ লাখ নিবণুৱাৰ সংস্থাপনৰ ব়্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ নিবণুৱাসকলৰ মাজত উৎসৱমূখৰ পৰিৱেশ সৃষ্টি কৰিছে যদিও কাৰবি আংলং জিলাত শিক্ষক নিযুক্তি পদক্ষেপ গ্ৰহণৰ আৰম্ভণিতে ক্ষোভ, প্ৰতিবাদৰ জোঁৱাৰ উঠা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, অলপতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ দুয়োখন পাহাৰীয়া জিলাত শিক্ষক পদত নিযুক্তি প্ৰদান বাবে এক বিজ্ঞপ্তি প্ৰকাশ কৰিছিল ৷ সেই অনুসৰি কাৰবি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত ৩৩১ গৰাকী আৰু পশ্চিম কাৰবি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত ২২৮টা শিক্ষক পদকে ধৰি মুঠা ৫৫৯টা ঠিকাভিত্তিক শিক্ষক পদৰ বাবে যুৱক-যুৱতীসকলৰ পৰা আবেদন বিচৰা হৈছিল ৷

উক্ত বিজ্ঞাপনত উক্ত পদসমূহৰ বাবে আবেদনৰ বেলিকা প্ৰাৰ্থীসকল অসম টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰা হৈছিল ৷ চৰকাৰৰ এই নিৰ্দেশনাক কেন্দ্ৰ কৰিয়েই পাহাৰীয়া জিলাখনত চি টেট উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ৷
উল্লেখিত বিজ্ঞাপনটোত চি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক আবেদনৰ সুযোগ নথকাৰ বাবে ক্ষোভত ফাটি পৰিছে চি টেট উত্তীৰ্ণ মেধা সম্পন্ন প্ৰাৰ্থীসকল ৷ এইলৈ আজি বকলীয়াঘাটত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদ কাৰী সকলে চি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক শীঘ্ৰে আবেদনৰ সুযোগ দিয়াৰ দাবী জনায়, ইয়াৰ অন্যথা আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী সকলে চি টেট উত্তীৰ্ণ প্ৰাৰ্থীক বঞ্চিত নকৰিব, আমাৰ দাবী মানিবই লাগিব, মুখ্যমন্ত্ৰীয়ে দাবীৰ প্ৰতি গুৰুত্ব দিয়ক, শিক্ষামন্ত্ৰীয়ে গুৰুত্ব দিয়ক আদি শ্ল’গানেৰে প্ৰতিবাদথলী উত্তাল কৰি তোলে ৷













