![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কৰ’নাৰ ভয়াবহ সংক্ৰমনৰ লক্ষ্য হৈ পৰিছে এইবাৰ ভাৰতীয় ষ্টেট বেংকৰ লামডিং ৰোডস্থিত ডিফু শাখা ৷ শাখাটোৰ ৮জনকৈ কৰ্মচাৰী ক’ভিড-১৯ত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷ শাখাটোৰ ৮জনকৈ কৰ্মচাৰী ক’ভিডত ১৯ত আক্ৰান্ত হোৱাৰ পিছত জিলা প্ৰশাসনে এছ বি আইৰ ডিফু মুখ্য শাখাক আজিৰে পৰা তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ অহা ৭ জুনলৈ মাইক্ৰ’ কণ্টেইনমেন্ট জ’ন ঘোষণা কৰিছে ৷
উক্ত সময়ছোৱাত এছ বি আই ডিফু শাখাৰ বিত্তীয় লেনদেন বন্ধ থাকিব বুলি জানিব পৰা গৈছে ৷ বেঙ্কৰ এক সূত্ৰমতে জানিব পৰা অনুসৰি ক’ভিডত আক্ৰান্ত হোৱা ৮ জনকৈ কৰ্মচাৰীয়ে ক’ভিৰ ভেকচিনো গ্ৰহণ কৰিছে৷













