![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে আজি দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয় বৰ্ষপুৰ্তি পালন কৰে ৷ এই উপলক্ষে আজি জিলা বিজেপি দলৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে সেৱামুলক কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ এই উপলক্ষে পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেণছিং বে’য়ে সেৱামূলক কাৰ্যসূচীৰ অন্তৰ্গত ডিফুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী, তালাংচৰ অনাথ আশ্ৰমৰ শিশু আৰু জিলা কাৰাগাৰৰ কয়দীসকলৰ মাজত মিঠাই বিতৰণ কৰে ৷
সংবাদ কৰ্মীৰ সৈতে হোৱা বাৰ্তালাপত সাংসদ হৰেণছিং বেয়ে কয় যে, বিশ্বৰ জনপ্ৰিয় তথা প্ৰতাপী নেতা নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে ভাৰতীয় জনতা দলৰহৈ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়টো বৰ্ষপূৰ্তি সম্পন্ন কৰিলে ৷ সেই আনন্দতে আজি এনে সেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ জিলা কাৰাগাৰত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে তালৈ নগৈ কাৰাবন্দীসকলৰ বাবে মিঠাইৰ টোপোলা প্ৰেৰণ কৰা হৈছে বুলি হৈছে ৷
ইফালে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী আৰু অনাথ আশ্ৰমৰ শিশুসকলৰ মাজত মিঠাই বিতৰণ কৰিবলৈ পাই তেওঁ সুখী বুলি কয় ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি দলীয় কৰ্মীসকলে বিভিন্ন ঠাইত ছেনিটাইজেচন, মাস্ক, চাউল, ডাইল বিতৰণ কৰাৰ লগতে কিছু ঠাইত ৰক্তদানো কৰা হৈছে বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে ৷
আনহাতে, ডিফু শীতলাবাৰীতো ভাৰতীয় জনতা দলৰ হৈ মাস্ক, ছেনিটাইজাৰ আদি বিতৰণ কৰাৰ লগতে এলেকাটো ছেনিটাইজেছন কৰা হয় ৷ উক্ত কাৰ্যসূচীত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মনোনীত সদস্য অজিত দে’ই নেতৃত্ব প্ৰদান কৰে।












