![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ ডিফু আৰু খটখটীত একে দিনাই দুটি নাবালিকা অনাথ কন্যাশিশু উদ্ধাৰ হয় ৷ ইয়াৰে ১০ বছৰীয়া অনাথ শিশু কন্যাটি লামডিঙৰ পৰা খোজকাঢ়ি আহি ডিফুত উপস্থিত হোৱাৰ পিছত উদ্ধাৰ হয় ৷ আনগৰাকী ১২ বছৰীয়া অনাথ কন্যাশিশুটি খটখটী থানাৰ অন্তৰ্গত লাহৰিজান এছাৰ পেট্ৰল পাম্পৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰে ৷ সংবাদ মাধ্যমেৰে সৈতে হোৱা দুটি পৃথক পৃথক বাৰ্তালাপত ডিফু জিআৰপিৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াই কয় যে, যোৱাকালি লামডিঙ জোৰাপুখুৰীৰ পৰা ৰে’লপথেৰে পদব্ৰজেৰে ডিফুৰ বাঘমাৰীৰ এঘৰত ১০ বছৰীয়া শিশু কন্যা এগৰাকী উপস্থিত হয় ৷ ঘৰৰ গৰাকীয়ে আজি পুৱা শিশুগৰাকীক ডিফু জিআৰপিত চমজাই দিয়ে ৷ শিশু গৰাকীক সোধ-পোছ কৰোতে তাই লামডিঙৰ জোৰাপুখুৰীৰৰ এঘৰত আশ্ৰয়লৈ আছিল যদিও আত্মীয় হিচাপে ডিমাপুৰৰ নগাবস্তিৰ পেহীয়েকৰ ঘৰত যাবলৈ ওলাইছিল বুলি জনায় যদিও শিশুগৰাকীৰ পিতৃ-মাতৃ নাই বুলি কয় ৷ সেয়ে শিশুগৰাকীক শিশু কল্যাণ সমিতিক অৰ্পণ কৰা হ’ব বুলি কয় ৷
সংবাদ মাধ্যমৰ সৈতে আন এক বাৰ্তালাপত কাৰবি আংলং জিলা শিশু কল্যাণ সমিতিৰ সদস্য বুলু তেৰাঙে কয় যে, খটখটী আৰক্ষীয়ে লাহৰিজান এছাৰ পেট্ৰল পাম্পৰ ওচৰৰ ভাড়াঘৰৰ পৰা আনএটি ১২ বছৰীয়া শিশু উদ্ধাৰ কৰি শিশু কল্যাণ সমিতিক চমজাই দিয়ে ৷ শিশুটিৰ পিতৃ ১০ বছৰ পূৰ্বে মৃত্যু হোৱাৰ বিপৰীতে মাতৃগৰাকী ক’ভিডত মৃত্যু হৈছে বুলি কৈছে যদিও বিভাগীয় প্ৰমাণ-পত্ৰ পোৱাৰ পিছত সকলো পোহৰলৈ আহিব বুলি কয় ৷
আনহাতে মুখ্যমন্ত্ৰী শিশু সেৱা আচঁনিৰ অধীনত সুবিধা পোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় ৷ জিলা উপায়ুক্তগৰাকীয়ে অনাথ শিশুটিৰ সন্দৰ্ভত যাৱতীয় আপডেট কৰি থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে বুলি জানিবলৈ দিছে ৷ দুয়োগৰাকী শিশুক বিভাগীয় যাৱতীয় কাম-কাজ কৰাৰ পিছত ধনশিৰি অনাথ গৃহত ৰখা হৈছে বুলি কয় শিশু কল্যাণ সমিতিৰ সদস্যগৰাকীয়ে ৷












