![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছৰ বিৰুদ্ধে অভিযান ডিফুতো আৰম্ভ হৈছে ৷ কালি নিশাৰে পৰা কাৰবি আংলং জিলা আৰক্ষীয়ে সমগ্ৰ জিলাৰ লগতে ডিফুতো ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰিছে ৷ কালি নিশা আৰক্ষীয়ে খোদ জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সন্মূখত অভিযান চলাই মুকেশ হোজাই নামৰ এজন যুৱকক আটক কৰে ৷ উল্লেখযোগ্য যে, মুকেশ হোজাই এপিডিচিএলত কণিষ্ঠ অভিযন্তা ৰূপে কৰ্মৰত ৷ হোজাই ড্ৰাগছ আসক্ত বুলি জানিব পৰা গৈছে ৷

আনহাতে আজি আৰক্ষীয়ে ডিফু হৰিলাল বস্তিত অভিযান চলাই আব্দুল মন্নান নামৰ এজন লোকক তেওঁৰ বাসগৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে মুকেশ হোজাইৰ পৰা ২ গ্ৰাম আৰু আব্দুল মন্নান নামৰ লোকজনৰ পৰা তিনি গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰে ৷ উল্লেখযোগ্য যে, আব্দুল মন্নানৰ ঘৰত দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ স্থানীয়লোকে অভিযোগ উত্থাপন কৰি আহিছে ৷













