![]()
ছাইদুল ইছলাম
ডিফু : ৰাজ্যজুৰি আংশিক লকডাউনৰ ফলত প্ৰভাৱিত হোৱা দৰিদ্ৰসীমা ৰেখাৰ তলত বসবাস কৰা লোকসকললৈ সাময়িক সকাহৰ বাবে আজি ডিফুত প্ৰায় ১৫টা পৰিয়ালক খাদ্য সামগ্ৰী আৰু ছেনিটাইজাৰ, লগতে মাস্ক আদি বিতৰণ কৰে ডিফুস্থিত স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানে ৷ উক্ত সাহায্যৰ জৰিয়তে একোটা পৰিয়াল কমপক্ষেও সাত দিনৰ বাবে সকাহ পাব বুলি কয় প্ৰতিষ্ঠানটোৰ সঞ্চালক পিকে শৰ্মাই ৷ নিবণুৱা সমস্যাই ৰাজ্যজুৰি এক বৃহৎ সমস্যাৰূপে পৰিগণিত হোৱাৰ সময়তে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ নামত চৰকাৰে আবণ্টন দিয়া ৭ বিঘাকৈ ভূমি বেদখলকাৰীয়ে বেদখল কৰি আছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷
এছবিআইৰ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক পিকে শৰ্মাই দৰিদ্ৰ লোকলৈ খাদ্য সামগ্ৰী বিতৰণী অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কয় যে, স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানে চৰকাৰৰ নিৰ্দেশ মৰ্মে দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোকৰ স্কীল ডেভ’লপমেণ্টৰ বাবে নানা বিনামূলীয়াৰে চিলাই, বোৱা-কটা, বিউটি পাৰ্লাৰ, ফাষ্ট ফুড, গাহৰি পালন আদিৰ ওপৰত প্ৰশিক্ষণ দি সু-প্ৰশিক্ষিত কৰি তোলা হয় ৷ প্ৰশিক্ষাৰ্থীসকলে প্ৰতিষ্ঠানটোত থকা-খোৱাৰ সুবিধা লাভ কৰিব পাৰে যদিও জিলাখনৰ ডিফুস্থিত স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটো আৱাসিক নোহোৱাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে ৷ অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ কাষত প্ৰতিষ্ঠানটোৰ স্থায়ী কাৰ্যালয়ৰ বাবে চৰকাৰে সাত বিঘাকৈ ভূমি আবণ্টন দিয়াৰ লগতে পট্টা প্ৰদান কৰিছিল।
যদিও একাংশ লোকে উক্ত ভূমি অন্যায়ভাৱে বেদখল কৰি থৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সঞ্চালকগৰাকীয়ে ৷ জিলাখনৰ অসংখ্য দৰিদ্ৰ সীমা ৰেখাৰ তলৰ নিৱণুৱা যুৱক-যুৱতীয়ে এছবিআইৰ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’ব পাৰিলেহেঁতেন যদিও এনেধৰণৰ বেদখলকাৰীৰ বাবে প্ৰতিষ্ঠানটোৰ বাবে নিৱণুৱাসকলক আত্মনিৰ্ভৰ হ’ব পৰাকৈ প্ৰশিক্ষিত কৰি তোলাত হেঙাৰ স্বৰূপ হৈ পৰিছে ৷ সেয়া বেদখলকাৰীয়ে উক্ত বেদখলকৃত ভূমি স্বইচ্ছাই খালী কৰি দিবলৈ অনুৰোধ জনাইছে সঞ্চালকগৰাকীয়ে৷












