![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বিশ্ব পৰিৱেশ দিৱসৰ কেইটামান মুহূৰ্ত বাকী থকা অৱস্থাতে আজি ডিফুৰ সমীপৱৰ্তী তামোলপুৰ বনাঞ্চলত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে বনবিভাগ আৰু আৰক্ষীয়ে চলালে এক যৌথ অভিযান ৷ চেণ্ট্ৰেল ৰেঞ্জৰ পশ্চিম সংমণ্ডলৰ ডিফু-লামডিং পথৰ তামোলবাৰী আৰু মিজুংদিছা সংৰক্ষিত বনাঞ্চলৰ এক বিস্তৃত এলেকাত চলিল এই অভিযান ৷ বিস্তৃৰ্ণ বনাঞ্চলৰ এলেকাটোত অবৈধ বেদখলকাৰীয়ে এলেকাটোত থকা বহুমূলীয়া গছ-গছনি কাটি তহিলং কৰি তাত হালধি খেতি কৰা পৰিলক্ষিত হয় ৷ বেখলকাৰীসকলে দুয়োখন সংৰক্ষিত বনাঞ্চলৰ গছ-গছনি কটাৰ উপৰিও সীমা নিৰ্দ্ধাৰিত অসংখ্য খুঁটা স্থাপন কৰাৰ লগত অস্থায়ী জুপুৰী আৰু মন্দিৰো নিৰ্মাণ কৰি থৈছিল ৷ জুপুৰী ঘৰবোৰ নিৰ্মাণত অৱস্থাত আছিল ৷
জিলা বনবিষয়া জগন্নাথ ৰংপি আৰু সহকাৰী বন সংৰক্ষক প্ৰণৱ তেৰাঙ লগতে বৰলাংফেৰ অ’চি অকণ টেৰণৰ নেতৃত্বত দিনযোৰা চলা অভিযানটোত অভিযানকাৰী দলটোৱে প্ৰথমতে বেদখলকাৰীয়ে স্থাপন কৰা অবৈধ সীমা নিৰ্দ্ধাৰণ কৰা খুঁটাসমূহ উভালি পেলোৱাৰ লগতে অস্থায়ী নিৰ্মাণৰত জুপুৰী আৰু এখন সৰু মন্দিৰ গৃহ উচ্ছেদ কৰি পেলায় ৷

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত সহকাৰী বনসংৰক্ষক প্ৰণৱ তেৰাঙে কয় যে, বিগত সময়ছোৱাত দুষ্কৃতিকাৰীসকলে তামোলবাৰী বনাঞ্চলত বেদখলৰ উদ্দেশ্য লকডাউনৰ সুযোগলৈ গছ-গছনিবোৰ কাটি বেদখলৰ চেষ্টা চলাই আহিছে ৷ সেয়ে চেণ্ট্ৰেল ৰেঞ্জৰ পূৱ আৰু পশ্চিম সংমণ্ডলৰ ৰেঞ্জ আৰু আৰক্ষীৰ সহযোগত দুষ্কৃতিকাৰীৰ এনে অপচেষ্টাক প্ৰাৰম্ভকালতে বাধা আৰোপ কৰিছে বনবিভাগে ৷ বনবিভাগৰ হাতত পৰ্যাপ্ত অস্ত্ৰ-শস্ত্ৰ আৰু জোৱানৰ অভাৱৰ বাবে কিছু সমস্যাৰ সন্মুখীন হৈছে যদিও আজি বৰলাংফেৰ আৰক্ষীৰ সহায়লৈ আজিৰ অভিযান চলোৱা হৈছে ৷ বনাঞ্চলৰ গছ-গছনি কাটি বেদখলকাৰীয়ে নিৰ্মাণ কৰি ওলোৱা এক আহল-বহল পথকলৈ উদ্বিগ্নতা প্ৰকাশ কৰে বনবিষয়া জগন্নাথ ৰংপিয়ে ৷
তেওঁ কয় যে বেদখলকাৰীসকলে বনৰ লগত নিবিড়় সম্বন্ধ থকা জনজাতিসকলে জনজাতীয় চৰিত্ৰ পাহৰি পেলাইছে সেয়ে সেউজ বনাঞ্চলক ধ্বংস জজ্ঞত নামি পৰিছে ৷ এনে কাৰ্যকলাপ অব্যাহত থাকিলে শীঘ্ৰে বনাঞ্চলৰ সেউজীয়া পৰিৱেশ বিনষ্ট হ’ব ৷












