![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা আক্রান্তক চিকিৎসাৰ নামত এতিয়াৰ পৰা অধিক ধন ল’ব কৰিব নোৱাৰিব ব্যক্তিগত চিকিৎসালয়ে। ৰাজ্যৰ স্বাস্থ্য বিভাগে ব্যক্তিগত খণ্ড চিকিৎসালয়ক ক’ৰনা আক্রান্তক চিকিৎসাৰ ব্যয় সৰ্বাধিক কিমান ল’ব পাৰিব তাৰ বাবে বান্ধি দিলে সৰ্বাধিক মূল্য। কভিড আক্রান্তক চিকিৎসাৰ নামত ব্যক্তিগত খণ্ডৰ প্ৰতিখন চিকিৎসালয়ে চৰকাৰে নিৰ্ধাৰণ কৰাৰ মূল্য বাহিৰত ল’ব নোৱাৰিব ধন- সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
ব্যক্তিগত প্ৰতিখন চিকিৎসালয়ক জেনেৰেল, চুপাৰ স্পেচিয়েলিটি দুটা ভাগত মূল্য নিৰ্ধাৰণ কৰিছে। চুপাৰস্পেচিয়েলিটি জেনেৰেল ৱাৰ্ডত থকা কভিড ৰোগী পৰা দৈনিক সৰ্বাধিক ল’ব পাৰিব ৫ হাজাৰ টকা বিপৰীতে জেনেৰেল ৱাৰ্ডত থকাৰ পৰা ৪ হাজাৰ টকা।
চুপাৰ স্পেছিয়েলিটি কেবিনট দৈনিক ৬৫০০টকা, জেনেৰেল কেবিনট ৫০০০টকা। চুপাৰ স্পেচিয়েলিটি আইচিইউ ১০০০০ টকা আৰু জেনেৰেল আইচিইউত ৯০০০ হাজাৰ টকা। আইচিউ লগত ভেন্টিলেচন চুপাৰ স্পেচিয়েলিটিত ১৫০০০ টকা আৰু জেনেৰেলত ১২০০০ টকা সৰ্বাধিক ল’ব পাৰিব।
উল্লেখ যে উক্ত চার্জৰ ভিতৰতে কভিড ৰোগীৰ খাদ্য পৰা আৰম্ভ কৰি অক্সিজেন, পিপিকিত, মাক্স, পঞ্জীয়ন সকলো অন্তৰ্ভুক্ত থাকিব। কিন্তু কভিড আক্রান্তগৰাকী অন্য ৰোগত আক্রান্ত হৈ থাকিলে সেই ৰোগৰ চিকিৎসা ব্যয় অতিৰিক্ত ভাৱে ল’ব পাৰিব- স্বাস্থ্যমন্ত্ৰী মহন্তই কয়।
গুৰুত্বপূৰ্ণ কথা যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক কভিড ভেকচিন ক্ৰয় কৰাৰ বাবে অসম চৰকাৰে শূন্য সুতৰ হাৰত ঋণ প্ৰদান কৰিব। তিনিমাহৰ পিছত পৰিশোধ কৰিব লাগিব ঋণ সংবাদমেলত অৱগত কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক এমআৰপি মতে ঔষধৰ চার্জ লোৱাৰ নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। কভিড ভেকিচিন প্ৰকৃত মূল্যত জনসাধাৰণক প্ৰদান কৰাৰো আহ্বান জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
কভিড চিকিৎসাত ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়ে অধিক ধন লোৱা অভিযোগ উঠাৰ পিছতে স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিছে সৰ্বাধিক মূল্য।













