![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনাৰ দ্বিতীয় ঢৌৰ আতংক শেষ নৌহতেই তৃতীয় লহৰৰ বাবে সাজু স্বাস্থ্য বিভাগ। ক’ৰনা আক্রান্ত শিশু চিকিৎসাতৰ সহায় হোৱাকৈ নিৰ্মান হ’ব প্ৰেডিয়েটিক আইচিইউ। ৰাজ্য ৮খন মেডিকেল কলেজ চিকিৎসা লয়ত স্বাস্থ্য বিভাগে ৩২০খন আৰু জিলা চিকিৎসালয়ত ২৫০খন শিশু আইচিইউ বিচনা নিৰ্মাণ কৰিবলৈ লোৱা কথা শুকুৰবাৰে জনতা ভৱনৰ সংবাদমেলত কয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰীজনে জানিব দিয়ে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৬০খন, নগাঁও অসামৰিক চিকিৎসালয়ত ৩০খন, শিলচৰ মেডিকেল কলেজত ৪০খন, যোৰহাট মেডিকেল কলেজত ৩০খন, ডিব্ৰুগড় অসম মেডিকেল কলেজত ৪০খন, বৰপেটা মেডিকেল কলেজত ৩০খন, তেজপুৰ মেডিকেল কলেজত ২০খন, লখিমপুৰ মেডিকেল কলেজত ৩০খন আৰু ডিফু মেডিকেল কলেজত ৩০খন আইচিইউ বিচনা নিৰ্মান হ’ব।
প্ৰতিখন জিলা চিকিৎসালয়ত ১০খনকৈ শিশু আইচিইউ বেড আগন্তক একমাহৰ ভিতৰত নিৰ্মাণ কৰা হ’ব বুলি মহন্তই উল্লেখ কৰে।
গুৰুত্বপূৰ্ণ কথা যে বৰ্তমান থকা আইচিইউত কৈ শিশু আইচিইউ বেড সুকীয়া। ক’ৰনা তৃতীয় ঢৌ বাবে ৰাজ্য স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।













