![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ভাৰতবৰ্ষৰ বহুকেইটা বিমানবন্দৰ লগতে অসমবাসী ৰাইজৰ আৱেগ বিজড়িত থকা স্বাধীনতা সংগ্রামী, তথা প্ৰথম মুখ্যমন্ত্রী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাংকিত বৰঝাৰ আন্তৰ্জাতিক বিমান বন্দৰটি পুঁজিপতি গোষ্ঠী আদানি গোটৰ হাতত গতাই দিয়া বাবে লোৱা একপক্ষীয়-স্বেচ্ছাচাৰী সিদ্ধান্তক বিৰোধিতা অসম জাতীয় পৰিষদৰ।
শুকুৰবাৰে দল সাধাৰণ সম্পাদক জগদীশ ভূঞা স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ ভাৰতীয় বিমান প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যবাহী সঞ্চালকৰ হাতত অর্পণ কৰি দলৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ বৰাৰ নেতৃত্বাধীন এটা প্ৰতিনিধি দলে কয়- যোৱা সপ্তাহতে আদানি গ্ৰুপে লক্ষ্ণৌ বিমানবন্দৰটো চমজি লোৱাৰ লগে লগেই বিমান বন্দৰৰ পাৰ্কিঙৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ মাচুল দহগুণ বৃদ্ধি কৰিছে৷ বৰঝাৰৰ বিমান বন্দৰতোৰ দায়িত্ব লোৱাৰ পিছতে তেওঁলোকে নিশ্চয় একে পদক্ষেপ ল’ব৷ স্মাৰক-পত্ৰত দলৰ সাধাৰণ সম্পাদক ভূঞাই লগতে কয়- কেন্দ্ৰীয় চৰকাৰে বৰঝাৰ বিমানবন্দৰ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰা হঠকাৰী কাৰ্য্যৰ প্ৰতিবাদ জনাই জাতীয় পৰিষদে বৰঝাৰ বিমানবন্দৰৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি বিমানবন্দৰ কাৰ্য্যবাহী সঞ্চালক এই সন্দৰ্ভত স্মাৰক-পত্রও প্ৰদান কৰিছিল।
দলটোৰ মতে, অসমবাসী ৰাইজৰ আৱেগ জড়িত হৈ থকা গোপীনাথ বৰদলৈৰ নামেৰে নামাংকিত বিমানবন্দৰটো সৈতে অসমীয়া ৰাইজৰ সন্মান আৰু স্বাভিমান জড়িত হৈ আছে। গতিকে ভাৰত ৰত্নৰে সন্মানিত গোপীনাথ বৰদলৈদেৱক পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে অসন্মান কৰা কাৰ্য্য কোনোধৰণে মানি ল’ব নোৱাৰি।
উল্লেখ যে লক্ষ্ণৌ, বেংগালুৰুকে আদি কৰি গুৱাহাটী বিমানবন্দ আগন্তুক ৫০ বছৰৰ বাবে আদানি গোটক গতাই দিব বিচৰা হৈছে। আদানি গ্রুপে ইতিমধ্যে দেশৰ অন্য পাঁচটা বিমানবন্দৰ নিজৰ নিয়ন্ত্রণত লৈছে। তদুপৰি আদানি গ্ৰুপে ইতিমধ্যে পাৰ্কিং আদিকে ধৰি বিমানবন্দৰৰ বিভিন্ন মাচুল দহগুণ বৃদ্ধি কৰিছে। তেওঁলোকৰ এই হঠকাৰী কাৰ্য্যই মহামাৰীৰ কৱলত পৰি বিত্তীয় সংকটে জুৰুলা কৰা যাত্ৰীসকলক আৰু অধিক সংকটৰ মুখলৈ ঠেলি দিছে।
ভূঞাই স্মাৰক-পত্ৰখনত কয়, “আমি সংশ্লিষ্ট সকলো পক্ষক সতৰ্ক কৰি দিব বিচাৰিছো যে গুৱাহাটী বিমানবন্দৰ ব্যক্তিগতকৰণৰ পৰা বিৰত থাকক। অসমবাসীৰ অধিকাৰ আৰু স্বাভিমানক পদ দলিত কৰিব বিচৰা কাৰ্য্য আৰু যাত্রীসকলক লুট কৰিব বিচৰা প্ৰচেষ্টা সফল হ’বলৈ দিয়া নহ’ব। ব্যক্তিগতকৰণৰ পৰা বিৰত নাথাকিলে গণতান্ত্রিকভাৱে প্ৰৱল প্ৰতিৰোধ গঢ়ি তোলা হ’ব। আমি আমাৰ এই বাৰ্তাটিৰ যোগেদি স্পষ্ট কৰিব বিচাৰিছো যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়াবৰ্গ আৰু আদানি গ্ৰুপে এই বিষয়ে আৰু অধিক সাহস প্ৰদৰ্শণেৰে বৰঝাৰৰ বিমান বন্দৰটি আদানি গ্ৰুপক হস্তান্তৰ কৰাৰ পৰা বিৰত থাকক।“













