![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত আৰম্ভ হৈছে লকডাউন শিথিল প্ৰক্ৰিয়া। ৬ জুনৰ পৰা লকডাউন শিথিল প্ৰক্ৰিয়া আৰম্ভ হ’ব। ১৬ জুনলৈ বাহাল থাকিব নতুন নিৰ্দেশনা। ক’ৰনা আক্রান্ত কিছু হ্ৰাস পোৱাত শিথিল কৰা হৈছে কভিড-নীতি নিৰ্দেশনা।
ৰাজ্যত ১ বজা পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন। বৰ্তমান ১২ বজাৰ পৰা প্ৰযোজ্য হৈ আছে সান্ধ্য আইন। ৬ জুনৰ পৰা ১১ বজাৰ বিপৰীতে ১২ বজালৈ খুলিব পাৰিব ব্যৱসায় প্ৰতিষ্ঠান।
ৰেস্তোঁৰা, ধাবা আৰু ভোজনালয়সমূহ বাহিৰৰ লোকৰ বাবে ১২ বজালৈ মুকলি ৰাখিব পাৰিব। ১ বজাৰ পৰা হোম ডেলিভাৰী ব্যৱস্থা চলি থাকিব।
চৰকাৰী-বেচৰকাৰী কাৰ্যালয় অহা ১৫ জুনলৈ বন্ধ থাকিব। আন্তঃজিলা যাতায়ত ব্যৱস্থা ব্যৱস্থা ১৫ জুন পৰ্যন্ত বন্ধ থাকিব।
ৰাজ্য চৰকাৰে কভিড সন্দৰ্ভত শুকুৰবাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা।













