![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : নিতৌ ব্যাপক অৰণ্যাঞ্চল ধ্বংসৰ ফলত জীৱ বৈচিত্ৰৰ নামি অহা তীব্ৰ সংকটৰ প্ৰসংগই বিশেষ গুৰুত্ব লাভ কৰি অহাৰ মাজতেই আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস ৷ পশ্চিম কাৰবি আংলং জিলাৰ বনাঞ্চলত খাদ্যৰ অভাৱত জনাঞ্চললৈ নামি অহা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই সাধাৰণৰ জনতাৰ জীৱন সম্পত্তিলৈ সংকট নমাই অনাৰ সময়তে জিলাখনৰ টুম্প্ৰেং-হোজাই সংযোগী পথত এটা বন্য হস্তীয়ে আতংকময় পৰিৱেশৰ সৃষ্টি কৰে ৷ কোমোৰাকটা বনাঞ্চলৰ পৰা আহি পুৱা ৫-৩০ বজাত হাতীটোৱে উক্ত পথত অৱস্থান কৰাৰ ফলত পথচাৰীৰ মাজত আতংকৰ সৃষ্টি হৈ চলাচল স্তব্ধ হৈ পৰে ৷
সেই সময়ত উক্ত পথেৰে মটৰ চাইকেলেৰে ধানৰ কঠীয়া কঢ়িয়াই আনি থাকোতে হাতীটোক দেখি মটৰ চাইকেলখন এৰি লোকজনে কোনোমতে প্ৰাণ ৰক্ষা কৰে ৷ হাতীটোৱে মটৰ চাইকেলত থকা প্ৰায় এমোন ধানৰ কঠিয়া খাই লাহে লাহে আঁতৰি যায় ৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই বন্য প্ৰাণী খাদ্যৰ সন্ধানত এনেদৰে জনাঞ্চলৈ খাদ্য বিচাৰি অহা কাৰ্যই বিশেষ তাত্পৰ্য বহন কৰিছে ৷













