![]()
ছাইদুল ইছলাম
ডিফু : ৰাজ্যজুৰি চলি থকা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথান অভিযান চলাই থকাৰ সময়তে যোৱাকালি বোকাজান ৰেল আৰক্ষীয়ে ৰঙিয়া-ডিব্ৰুগড় নামনিমুৱা ৰেলৰ পৰা বুজন পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰাৰ পিছত পুনৰবাৰ বোকাজান ৰেলষ্টেচনৰ প্লেটফৰ্মৰ পৰা আৰক্ষীয়ে এটা পৰিত্যক্ত বেগৰ পৰা ৭.৫ কেজি ওজনৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি আজি দিনৰ প্ৰায় ১২ বজাত বোকাজান ৰেল আৰক্ষীয়ে প্লেটফৰ্মত এটা পৰিত্যক্ত বেগত তালাচী চলাই গাঞ্জাখিনি উদ্ধাৰ কৰে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ কোনো দুষ্কৃতিকাৰীয়ে গাঞ্জাখিনি সৰবৰাহৰ বাবে আনিছিল যদিও আৰক্ষীৰ উমান পাই গাঞ্জাখিনি বেগসহ প্লেটফৰ্ম এৰি পলাই যায় বুলি সন্দেহ কৰা হৈছে ৷













