![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱসটি ৷ এই উদ্যেশ্যে আজি কাৰবি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বনবিভাগৰ উদ্যোগত ডিফু আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰতে সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে বিশ্ব পৰিৱেশ দিৱসটি উদযাপন কৰা হয় ৷ এইলৈ ডিফু আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰ চৌহদত বিভিন্ন প্ৰজাতিৰ বৃক্ষপুলি ৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ উক্ত কাৰ্যসূচীত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে, কাৰবি স্বায়ত্তশাসিত পৰিষদৰ বিভাগীয় বৰ্ড চেয়াৰমেন তথা এমএচি ৰিচাৰ্ড টকবী, নৱনিযুক্ত প্ৰধান সচিব মুকুল কুমাৰ শইকীয়া, জিলা বন বিষয়াকে ধৰি কেইবাগৰাকী ইএম আৰু এমএচিয়ে অংশগ্ৰহণ কৰি বৃক্ষপুলি ৰোপন কৰে ৷
আনহাতে উক্ত কাৰ্যসূচীৰ পিছতে আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ সভা কক্ষত অনুষ্ঠিত এক ক্ষন্তেকীয়া সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনৰ জৈৱ বৈচিত্ৰ আৰু বিশ্বপৰিৱেশ দিৱসৰ ওপৰত ব্যাখ্যা দাঙি ধৰে ৷ কোৰোণা মহামাৰীৰ বাবে জিলাখনৰ বহু উন্নয়ণমূলক কাম কৰিবলৈ বাকী থকা বুলি কৈ টীম কাৰবি আংলঙৰে মিলি সকলো কাম শীঘ্ৰে কৰা হ’ব বুলি আশ্বাস দিয়ে ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে জিলাখনত বিভিন্ন কাৰকৰ বাবে নষ্ট বা ধ্বংসহৈ যোৱা গছপুলিবোৰ পুনৰ ৰুই পৰিৱেশৰ সামঞ্জস্য ৰক্ষা কৰা হ’ব ৷ আলোচনাপন্থী কাৰবি বিদ্ৰুোহী সংগঠনৰে চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই কোৱা ধৰণে শীঘ্ৰে সম্পাদন হ’ব বুলি মন্তব্য কৰে।












