![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ অন্তৰ্গত নখুঁটি ১নং ছাৰ্কেবস্তিৰ অতি দৰিদ্ৰ পৰিয়ালৰ লোকে নাম জাফৰ আলিৰ। দিন মজুৰি কৰি কোনোমতে পৰিয়ালটোৰ পুহ পাল দিছিল জাফৰে। একমাত্ৰ উপাৰ্জনকাৰী বুলি ক’লে তেওঁৱে। কিছুদিন পূৰ্বে এটি দুৰ্ঘটনাত পতিত হৈছিল জাফৰ আলিৰ। সংসাৰৰ অভাৱ অনাটনৰ যন্ত্ৰনাত উপযুক্ত চিকিৎসা ল’বলৈ সক্ষম নহ’ল জফৰ আলি ।
ফলত বিষম অসুস্থতাত চটফটাবলগীয়া হৈছিল বিছনাত। যাৰ বাবে পিতৃৰ এনে অসহনীয় যান্ত্ৰনা সহ্য কৰিব নোৱাৰি জাফৰ আলিৰ ২৪ বছৰীয়া পুত্ৰ আলি আহমেদে পিতৃৰ চিকিৎসাৰ বাবে বহিঃৰাজ্যৰ কেৰেলা লৈ গ’ল দুটা টকা উপাৰ্জনৰ বাবে।
কিন্তু বিধিয়ে দিলেও যেন বিধাতাই নিদিয়ে ঠিক তেনেদৰেই দুৰ্ভগীয়া জাফৰ আলিৰ মুৰত যেন পুনৰ স্বৰ্গ ভাঙি পৰিল। পিতৃৰ চিকিৎসাৰ বাবে উপাৰ্জন কৰিবলৈ যোৱা আলি আহমেদৰো কেৰেলাত দুর্ঘটনাগ্ৰস্ত হৈ মৃত্যুয়ে সাৱটি ধৰিলে পুত্ৰ আলি আহমেদৰ। পিতৃৰ চিকিৎসাৰ বাবে টকাৰ বিপৰীতে ঘৰলৈ ঘূৰি আহিল পুত্ৰ আলি আহমেদৰ আহিল নিথৰ দেহ।












