নগাঁও : নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত আজি কোভিড প্ৰ’টকল মানি সীমিত সংখ্যক শিক্ষক-শিক্ষয়িত্রী আৰু এন.চি.চিৰ কেডেটৰ উপস্থিতিত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয় ৷ নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বিদ্যালয়খনৰ চৌহদত এটি কৃষ্ণচূড়া গছৰ পুলি ৰোপন কৰি বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷
আনহাতে, বিদ্যালয়খনৰ অধ্যক্ষা দীপিকা লস্কৰেও এটি গছ পুলি ৰোপন কৰি সাম্প্ৰতিক মহামাৰীৰ সময়ত পৰিবেশ সংৰক্ষণ আৰু সেউজ পৰিবেশ পুনৰুদ্ধাৰত ব্ৰতী হ’বলৈ সমাজৰ সকলোকে আহ্বান জনায় ৷ ইয়াৰ পিছতে বিদ্যালয়ৰ ইক’ ক্লাৱৰ উদ্যোগত প্ৰকাশ কৰা পৰিবেশ সম্পৰ্কীয় বাৰ্তালোচনী “সেউজ বাৰ্তা”ৰ অষ্টম সংখ্যাৰ ই-সংস্কৰণ উন্মোচন কৰা হয় ৷
ইপিনে, নগাঁৱৰ সদ্য প্ৰয়াত কৃতী বিজ্ঞান শিক্ষয়িত্ৰী অপৰ্ণা ভট্টাচাৰ্য সোঁৱৰণী জিলাভিত্তিক ‘জনস্বাস্থ্য আৰু আৰ্থ সামাজিক সুৰক্ষাৰ হেতু পৰিস্থিতি তন্ত্ৰৰ গুৰুত্ব’ শীৰ্ষক অনলাইন বক্তৃতা প্ৰতিযোগিতা উদ্বোধন কৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে । বক্তৃতা প্ৰতিযোগিতাখন উদ্বোধন কৰি পৰিদৰ্শক নাথে বৰ্তমান কোভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ- ছাত্ৰী সকলক বিদ্যালয়ৰ পৰা নিলগাই ৰখা এই সংকটৰ সময়ত এনেধৰণৰ গঠনমূলক কাৰ্যসূচীয়ে তেওঁলোকৰ মনোবল অটুত ৰখাত সহায়ক হ’ব বুলি মন্তব্য কৰে ।
বিদ্যালয়ৰ ইক’ক্লাৱৰ সমন্বয়ক হিৰণ্য শৰ্মাই বিগত বৰ্ষটোত বিদ্যালয়খনে জিলাভিত্তিক অনলাইন বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কাৰ প্ৰদান কৰাৰ বিষয়ে জানিবলৈ দি এইবাৰৰ প্ৰতিযোগিতাত হোজাই জিলাক সামৰি অবিভক্ত নগাওঁ জিলাৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰাৰ বিষয়ে সদৰি কৰে৷ বক্তৃতা প্ৰতিযোগিতাৰ ফলাফলসমূহ শীঘ্ৰেই কেইবাটাও ছচিয়েল মাধ্যমৰ যোগেদি প্ৰচাৰ কৰা হ’ব বুলিও সমন্বয়ক শৰ্মাই জানিবলৈ দিয়ে ৷ বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক বাবুল বৰা, এন.চি.চিৰ তত্ত্বাৱধায়ক শিক্ষক চাইফুল ইছলাম, ডঃ প্ৰত্যাশী ফুকন আৰু কৰ্মচাৰী বাবুল বৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচীত উপস্থিত থাকে।