ASSAM TIMES POST
ডিফুঃ কাৰ্বি পাহাৰৰ বিশিষ্ট লেখক-সাংবাদিক জয়ছিং টকবীক সাময়িক ভাবে অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয় (ৰাংছিনা ভৱন)ৰ সম্পাদকৰ গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে ৷
শুকুৰবাৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ দ্বাৰা জয়ছিং টকবীলৈ প্ৰেৰণ কৰা পত্ৰনং-২০১৮-২০/১৮৫ যোগেদি বিশিষ্ট লেখক- সাংবাদিক গৰাকীক কেন্দ্ৰীয় সভাপতিৰ সৈতে আলোচনা মৰ্মে ৰাংছিনা ভৱনৰ সম্পাদকৰ দৰে গুৰু দায়িত্বত সাময়িক ভাবে নিযুক্তি দিয়া হৈছে বুলি উল্লেখ কৰিছে ৷ পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে তেওঁ পদত অধিষ্ঠিত হৈ থাকিব বুলি পত্ৰখনত উল্লেখ আছে ৷
উল্লেখ যোগ্য যে ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মঞ্জু হাজৰিকা তেওঁৰ ব্যক্তিগত জীৱনৰ সমস্যালৈ আইনী প্ৰক্ৰিয়াত সমগ্ৰাম কৰি থকাৰ বাবে তেওঁৰ ঠাইত জয়ছিং টকবীক এই দায়িত্ব অৰ্পণ কৰা হৈছে বুলি পত্ৰযোগে জয়ছিং টকবীক জনোৱা হৈছে লগতে জয়ছিং টকবীয়ে ৰাংছিনা ভৱনৰ ঐতিহ্য আৰু পৰাম্পৰা অক্ষুণ্ণ ৰখাত সহায় কৰিব বুলি কেন্দ্ৰীয় প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আশা ব্যক্ত কৰিছে ৷













