![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত কাকী দুহেজাৰ বিঘা কাকিনী ফাৰ্মৰ ৰবৰ বাগানত আজি সন্দেহজনক অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে হোজাই জিলা প্ৰসাশনে চলালে উচ্ছেদ অভিযান। লংকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাকেশ ডেকাৰ নেতৃত্বত যোৱা আৰক্ষী-প্ৰশাসনৰ এক বিশাল বাহিনীৰ উপস্থিতিত অঞ্চলটোত পুৱা ৯বজাৰ পৰা চলিল এই উচ্ছেদ অভিযান। অভিযানত বাগানখনৰ ভূমিত অবৈধভাৱে বে-দখল কৰি থকা ১৫টাকৈ পৰিয়ালৰ বাসগৃহ জেচিবিৰে ভাঙি চুৰমাৰ কৰাৰ লগতে বাগানখনৰ ১০০ বিঘাৰো অধিক ভূমিত অবৈধভাৱে কৰা কুঁহিয়াৰ-হালধি খেতি নষ্ট কৰে।
কিন্তু বিগত ১০ বছৰমানৰ পৰা চৰকাৰী বাগানখনত একাংশ সন্দেহজনক অবৈধ দখলকাৰীয়ে ৰবৰৰ গছ কাটি তহিলং কৰি ঘৰ-দুৱাৰ সাজি বেদখল কৰিছিল। ইপিনে, দীৰ্ঘদিনৰ অন্তত যোৱা কালি হোজাই প্ৰশাসনে উচ্ছেদৰ নিৰ্দেশ জাৰি কৰে। আনহাতে, আজি উচ্ছেদৰ পাছত এইসকল উচ্ছেদিত লোকে এই কাৰ্যত প্ৰকাশ কৰে তীব্ৰ ক্ষোভ।












