![]()
নগাঁও : ১৮ বছৰ বয়সৰ পৰা সকলো শ্রেণীৰ লোককে পৰ্যায় ক্ৰমে কোভিড ভেকচিন প্ৰদানৰ বাবে চৰকাৰৰ স্বাস্থ্য বিভাগে পদক্ষেপ গ্ৰহণ কৰি থকাৰ মাজতে জিলা স্বাস্থ্য বিভাগে আজি সমাজ কল্যাণ বিভাগ, স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিছন আৰু ৰটাৰী ক্লাবৰ নগাঁও শাখাৰ সহযোগত বিশেষভাৱে সক্ষম লোকৰ বাবে এক বিশেষ কোভিড টিকাকৰণ কাৰ্যসূচীৰ আৰম্ভ কৰে। নগাঁৱৰ ঐতিহ্যমণ্ডিত স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিছনৰ চৌহদত আয়োজিত ১৮ বছৰ বয়সৰ পৰা বিশেষভাৱে সক্ষম লোকক প্ৰদান কৰা এই কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী উদ্বোধন কৰে নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে । উপায়ুক্তগৰাকীয়ে জিলাখনৰ জনসাধাৰণক পৰ্যায়ক্ৰমে কোভিড ভেকচিন প্ৰদান কৰা আৰু কোভিড সৃষ্ট পৰিস্থিতিৰ দ্বাৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত কৰে।

আনহাতে বিশেষভাৱে সক্ষম লোকক কোভিড ভেকচিন প্ৰদানৰ এই কাৰ্যসূচী পৰৱৰ্তী সময়ত জিলাখনৰ চৈধ্যটা সংযুক্ত শিশু উন্নয়ন সেৱা আঁচনিৰ অধীনত সমগ্ৰ জিলাত সম্পন্ন কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে নগাঁও পৌৰ আই চি ডি এছ আঁচনিৰ অধীনত আজি ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ ২১৯ জন লক্ষ্যযুক্ত হিতাধিকাৰীৰ উপস্থিতিত এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।
আনহাতে যদি কোনো বিশেষভাৱে সক্ষম ব্যক্তিয়ে কোনো ক্ষেত্ৰত নিৰ্ধাৰিত ভেকচিন প্ৰদান শিবিৰলৈ যাব নোৱাৰে তেন্তে উক্ত ব্যক্তিজনৰ বাবে ঘৰুৱাভাৱে টিকাকৰণৰ ব্যৱস্থা কৰা হ’ব বুলি জিলা উপায়ুক্তগৰাকীয়ে আশ্বাস প্রদান কৰে। ভেকচিন প্ৰদান কাৰ্যসূচীত নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈ আৰু দেবাহুতি বৰা, জিলা সমাজ কল্যাণ বিষয়া ৰুবী কলিতা, শিশু বিকাশ প্ৰকল্পৰ বিষয়াসকল, অংগনৱাড়ী কৰ্মী, শ্ৰীমন্ত শংকৰ মিছনৰ সম্পাদক বল্লদেৱ শৰ্মা, নগাঁও ৰটাৰী ক্লাবৰ বিষয়ববীয়া তথা জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।













