![]()
নলবাৰীৰ বিশেষ প্ৰতিবেদক :
নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ৭ জুনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৃষ্ণকান্ত সন্দিকৈ আৰু অতুলচন্দ্ৰ হাজৰিকাৰ লগতে গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে জিলা সাহিত্য সভাৰ কাৰ্যালয়ত স্মৃতি অনুষ্ঠানৰ আয়োজন কৰা হয় ।
এই উপলক্ষে কৃষ্ণকান্ত সন্দিকৈৰ প্ৰতিচ্ছিবিৰ সন্মুখত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতা, অতুল চন্দ্ৰ হাজৰিকাৰ প্ৰতিচ্ছিবিৰ সন্মুখত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছিবিৰ সন্মুখত জনপ্ৰিয় কবি দীপালিমা দত্তই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই পৰিচালনা কৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাগক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই কয় যে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিলৈ কৃষ্ণকান্ত সন্দিকৈ, অতুল চন্দ্ৰ হাজৰিকা আৰু পাৰ্বতীপ্ৰসাদ বৰুৱাই আগবঢ়োৱা অৱদানে অসমীয়া জাতিক বাৰুকৈ চহকী কৰিছে ।
অসমত শিক্ষাৰ বিস্তাৰৰ বাবে প্ৰাচ্য বিদ্যাৰ্ণৱ, সংস্কৃত ভাষা-সাহিত্যৰ বিদগ্ধ পণ্ডিত, ভাষাতত্ত্ববিদ, শিক্ষাবিদ তথা সাহিত্যিক কৃষ্ণকান্ত সন্দিকৈদেৱে আগবঢ়াই থৈ যোৱা অৱদানৰ বাবে স্মৰণীয় হৈ আছে । তেওঁ অসম সাহিত্য সভালৈ আগবঢ়োৱা অৱদানো স্মৰণীয় । আকৌ কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাই অসম সাহিত্য সভাৰ একাদিক্ৰমে তিনিবাৰ প্ৰধান সম্পাদক হোৱাৰ উপৰি অসম সাহিত্য সভাৰ সভাপতি হৈ অসমীয়া ভাষা সাহিত্যলৈ যি বৰঙনি আগবঢ়ালে তাৰ বাবে এইগৰাকী বিশিষ্ট লোক সদায় স্মৰণীয় হৈ আছে ।
আনহাতে, গীতিকবি ৰূপেখ্যাত পাৰ্বতিপ্ৰসাদ বৰুৱা আছিল একাধাৰে কবি, গীতিকাৰ,অভিনেতা তথা নাট্যকাৰ । চতুৰ্থখন অসমীয়া ছবি ৰূপহী নিৰ্মাণ কৰাৰ লগতে তাত তেওঁ অভিনয়ো কৰিছিল । অসম সাহিত্য সভাৰ গোৱালপাৰা অধিবেশনৰ সংগীত সন্মিলনৰ সভাপতিৰ পদো অলংকৃত কৰিছিল । অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই দিয়া ভাষণত কয় —ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাহিত্য বলুকাত এই তিনি অপ্ৰমাদী সাহিত্য সাধকৰ সৃষ্টিকৰ্মই এক মহাজাগৰণৰ সূচনা কৰিছিল । কৃষ্ণকান্ত সন্দিকৈৰ মহাজনোচিত বিদগ্ধতাই সমৃদ্ধ কৰিছে অসমৰ জাতীয় জীৱন । অনুষ্ঠানটিত নলবাৰী জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক জয় চন্দ্ৰ শৰ্মা, সাহিত্যসেৱক নৱদীপ বৰকটকী আৰু সমাজকৰ্মী দীপক দত্তয়ো তিনিওগৰাকী বিশিষ্ট অসমীয়ালৈ শ্ৰদ্ধা নিবেদন কৰে ।













