![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰৰ পৰা চিআৰপিএফৰ কেম্প উঠাই নিয়া দাবীৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ বিধায়ক অখিল গগৈৰ। কাৰাবন্দী বিধায়কগৰাকীয়ে জিএমচিএইচৰ পৰা প্ৰেৰণ কৰিছে বিশেষ পত্ৰখন। মধ্যযুগতে খন্দা ঐতিহাসিক জয়সাগৰ পুখুৰীপাৰৰ পৰা ১৪৯ বি.এন হেড কোৱাটাৰ চিআৰপিএফৰ কেম্প উঠাই অসমৰ ঐতিহ্য আৰু আহোম ৰাজবংশৰ গৌৰৱ ৰক্ষা কৰক বুলি পত্ৰখনত উল্লেখ কৰিছে।
আহোমৰ চতুৰ্থখন স্থায়ী ৰাজধানী ৰংপুৰত অৱস্থিত ঐতিহ্য প্ৰসিদ্ধ পুখুৰীতো চাবলৈ দেশী-বিদেশী পৰ্যটক আহে। কিন্তু পুখুৰীৰ উত্তৰ-পশ্চিম পাৰত চিআৰপিএফৰ কেম্পতো স্থাপন কৰা বাবে তাৰ সাধাৰণ নাগৰিক আৰু পৰ্যটকৰ বাবে সন্মুখৰ পথটো বন্ধ হৈ আছে। তদুপৰি কেম্পৰ বিশাল বিশাল গাড়ীয়ে পুখুৰী পাৰতো দখল কৰি ৰাখে। বহু পৰিমাণে ম্লান পৰিছে পুখুৰীতো সৌন্দৰ্য্য।
বিধায়ক গগৈয়ে চিআৰপিএফক কেম্প স্থাপন বাবে অন্য স্থান দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।













