ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১২৪৩১৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৮০৪ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩১৮জন কামৰূপ মেট্ৰ’ৰ, ৩১৫জন তিনিচুকীয়াৰ, ৩১১জন যোৰহাট আৰু ২৮১জন ডিব্ৰুগড়ৰ।সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৩.০৬ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৩৭ জন ব্যক্তিৰ৷উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৬১৩ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৭.৭৬ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৩৮৭৪৬ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৪৮৬৭২ জন ৰোগী।
Summary of 07/6/2021
Today’s Total 3804
Overall Positivity Percentage (3804 cases out of 1,24,316 test done = 3.06%)
Kamrup(M) 318
Death 37
Recovery Rate 87.76%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 7, 2021