![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নগাঁও আৰু কাছাৰ কাগজকলৰ নিলাম শীঘ্ৰে বন্ধ কৰি উদ্যোগদুটা পুনৰুজ্জীৱিত কৰাৰ দাবী জনাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেন্দ্ৰীয় উদ্যোগমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ বিধায়ক অখিল গগৈৰ। কাৰাবন্দী হৈ জিএমচিএইচত চিকিৎসাধীন হৈ থকা শিৱসাগৰৰ বিধায়কজনে প্ৰধানমন্ত্ৰীক কয়- কাগজকল দুটা ক্ৰমে ২০১৫ আৰু ২০১৭চনৰ পৰা বন্ধ হৈ পৰা বাবে কৰ্মচাৰীসকলে দা-দৰমহা অন্যান্য সা-সুবিধা পৰা বঞ্চিত হৈ আছে। উদ্যোগ দুটা বন্ধ হৈ থকা ফলত ৬হাজাৰ কৰ্মচাৰী কৰ্মহীন হৈছে। ক্ষতিগ্ৰস্ত হৈছে বাঁহ খেতিয়কসকল। অৰ্থনৈতিক সংকট সহিব নোৱাৰে ৮৭জন কৰ্মচাৰীয়ে ইতিমধ্যে মৃত্যুবৰণ কৰিছে”।
বিজেপিয়ে বিভিন্ন সময়ত উদ্যোগ দুটা খোলা বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল। কেৱল সেয়াই নহয় অসমত বাঁহ উৎপাদন বৃদ্ধি আৰু উদ্যোগদুটাত উন্নতমানৰ কাগজ সমগ্ৰ ভাৰতত বিতৰণৰ ৰঙীন প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল কিন্তু শেহতীয়াভাৱে উদ্যোগদুটা ই-নিলাম জাননী জাৰিৰে সকলো প্ৰতিশ্ৰুতি যে ভুৱা আছিল তাকে প্ৰতিপন্ন কৰিছে। তাৰ বাবে ই- নিলাম বন্ধ কৰি বিষয়তো পুনৰ বিবেচনা আহ্বান জনাই গগৈয়ে।
কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কাগজ কল দুটা অসম চৰকাৰৰ অধীনলৈ অনা আহ্বান জনায় বিধায়কজনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈও পত্ৰ প্ৰেৰণ কৰিছে।২০১৬ বিজেপি ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰো দাবী জনায় গগৈয়ে।












