![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক। শিক্ষা মন্ত্ৰী ৰনোজ পেগু, আছু , অবছো, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, স্বাস্থ্য বিভাগৰ প্ৰতিনিধি থকা বৈঠকত ছেৱা, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কর্তৃপক্ষ উপস্থিত থাকে। উল্লেখ সকলোৱে পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত প্ৰকাশ কৰে মতামত। বৈঠকৰ অন্তত পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ সহমতত উপনীত হোৱা বুলি সদৰী কৰে শিক্ষামন্ত্ৰী পেগুৱে। স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি পেগুৱে কয়- ১ আগষ্ট পৰা ১৫ আগষ্টত ভিতৰত অনুষ্ঠিত হ’ব পৰীক্ষা।
পৰম্পৰাগত পদ্ধতিৰ বিপৰীতে সংকোচিত বিষয়, সংকুচিত নম্বৰে কভিড প্ৰটকল মানি পৰীক্ষা পতা হ’ব। সকলো বিষয়ত পৰীক্ষা নহয়। সংকুচিত হ’ব নম্বৰো। সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত।এক-দুই সপ্তাহৰ ভিতৰত চুড়ান্ত সময়সূচী প্ৰকাশ কৰা হ’ব’- শিক্ষামন্ত্ৰীয়ে কয় ।












