লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ বামুণ গাঁৱত অঘটন। দ্ৰুতবেগী বাইকেৰে আহি বাগৰি পৰে পথৰ দাঁতিত। ফলত বাইকত অহা দুজন যুৱকৰ এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আনজন কথমপি প্ৰাণ ৰক্ষা পৰে। মৃত যুৱকজনৰ নাম যুধিষ্টিৰ দেৱ নাথ আৰু আঘাট প্ৰাপ্ত যুৱকজনৰ নাম আশীষ পাল। বাইকখনৰ পঞ্জীয়ন নম্বৰ AS 02 N 8612 । পিছত ঘটনাস্হলীত লংকাৰ যান-বাহান আৰক্ষী উপস্হিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।