ASSAM TIMES POST
নতুন দিল্লীঃ সময় আগবঢ়াৰ লগে-লগে চন্দ্ৰযান-২ সম্পৰ্কত এটাৰ পাছত আনটো ভাল খবৰ আগঢ়াইছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে।
ইছৰোৰ এটা শীৰ্ষ সূত্ৰই সোমবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ সংস্থাক আগবঢ়োৱা শেহতীয়া তথ্য অনুসৰি বৰ্তমানলৈকে অক্ষত অৱস্থাত আছে লেণ্ডাৰ বিক্ৰম।
কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি সূত্ৰটোৱে জনাইছে।
তদুপৰি সূত্ৰটোৱে কয় যে চন্দ্ৰৰ যি স্থানত বিক্ৰমে অৱস্থান কৰি আছে, সেই স্থানত অৱতৰণ কৰাবলৈ ইছৰোৱে বিচৰা নাই।
উল্লেখযোগ্য যে বিক্ৰমৰ সৈতে যোগাযোগ কৰিবলৈ ইছৰোৰ হাতত এতিয়াও ১২ দিন আছে। সেয়ে অনাগত দিনসমূহত যোগাযোগ সম্ভৱ হৈ উঠিব বুলি সূত্ৰটোৱে কয়।
যি কথাই দেশবাসীক পুনৰাই আনন্দিত কৰি তুলিছে।