![]()
নিউজ ডেস্কঃ
এনি চিবা। বয়স ৩১। কেৰালাৰ তিৰুঅনন্তপুৰমৰ ভাৰকালা থানাৰ উপ-পৰিদৰ্শক। কলেজৰ প্রথম বর্ষত পঢ়ি থকাৰ সময়তে পৰিয়ালৰ অমতত প্ৰেমিকৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল এনিয়ে। সন্তান সম্ভৱাও হয়। ঠিক সেই সময়তেই প্ৰেমিকে তেওঁক এৰি গুচি যায়। ফলত আলৈ-আথানিত পৰে এনি। ঘৰলৈও উভতি অহাৰ উপায় নাছিল।
এনিয়ে জনোৱা মতে, সন্তান জন্মাৰ পিছত ঘৰলৈ উভতিছিল যদিও ঘৰৰ মানুহে তেওঁক আঁকোৱালি ল’বলৈ অস্বীকাৰ কৰে। ভাড়াঘৰতে পুত্ৰ শিৱসূর্যক লৈ দিন কটাবলৈ আৰম্ভ কৰে এনিয়ে। পেট প্ৰৱৰ্তনৰ বাবে মচলা, চাবোনৰ ব্যৱসায় আৰম্ভ কৰে। বীমা কোম্পানীৰ এজেণ্ট হিচাবেও কাম কৰে। আনকি ভাৰকালা অঞ্চলত নেমুপানী, আইচক্রিমো বিক্ৰী কৰিবলগা হৈছিল তেওঁ। এনেদৰেই অলপ অলপকৈ টকা জমা কৰি সমাজবিদ্যাত স্নাতক হয়।
২০১৪ চনত তিৰুঅনন্তপুৰমত আৰক্ষী পৰীক্ষাৰ এটি কোচিং চেণ্টাৰত ভর্তি হয় এনি। এফালে সংসাৰ, পুত্ৰক চোৱা-চিতা কৰা, তাৰ পিছত চাকৰিৰ বাবে পঢ়া-শুনা— সকলোৱেই চম্ভালিছিল এনিয়ে। ২০১৬-ত আৰক্ষীৰ পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁ। চাকৰিও লাভ কৰে। ২০১৯ত পুনৰ এছআই পদৰ পৰীক্ষাত বহে। তাতো উত্তীৰ্ণ হয়। চলিত বছৰৰ ২৫ জুনত উক্ত ভৰকালা এলেকাৰেই আৰক্ষীৰ উপ-পৰিদৰ্শক হৈ আহে এনি। ১০ বছৰ পূৰ্বে যি স্থানত এনিয়ে নেমুপানী বিক্ৰী কৰিছিল, আজি উক্ত অঞ্চলৰেই সুৰক্ষাৰ দায়িত্ব তেওঁৰ হাতত।












