![]()
অজন্তা তালুকদাৰ
বোকাখাত : ৰাজ্যখনৰ ভিতৰতে কন্টেইনমেন্ট জ’ন ঘোষণা কৰা একমাত্ৰ মহকুমা হৈছে বোকাখাত। ৰাজ্য চৰকাৰৰ নতুন এচ অ পিত আজি পুৱাৰে পৰা স্থবিৰ হৈ পৰিছে বোকাখাতৰ জনজীৱন। ফাৰ্মেচী, গেলামাল আৰু অত্যাৱশ্যকীয় দোকানৰ বাহিৰে বন্ধ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। মহকুমাত অব্যাহত আছে ক’ভিড ১৯ৰ গণ সংক্ৰমণ আৰু চিন্তনীয়ভাবে বৃদ্ধি হৈছে পজিটিভিটিৰ হাৰ। দেওবাৰৰ দিনটোত সৰ্বাধিক ক’ভিডত আক্ৰান্ত হাৰ ২৩ শতাংশ আছিল যদিও আজি ৮ শতাংশলৈ হ্ৰাস পাইছে। ইয়াকে লৈ ৩১১৪ লৈ বৃদ্ধি পালে মহকুমাটোত ক’ভিড আক্ৰান্তৰ সংখ্যাই ৷
বোকাখাতৰ বিভিন্ন চাহ বাগিচাৰ আজি ৩০ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে আজি আক্ৰান্তসকলৰ গাঁৱৰ কভিড কেয়াৰ চেন্টাৰত ৬৩ জন, কমলামিৰি চিকিৎসালয়ত ৯ জন আৰু বাগিচাৰ কেন্দ্ৰত ৩১ জনক ভৰ্তি কৰোৱা হয়। বৰ্তমান মহকুমাটোৰ সক্ৰিয় ৰোগীৰ সংখ্যা ১,০২৮ জন ৷ বৰ্তমানলৈকে ২৬ জন ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে বহিঃৰাজ্যত থকা মহকুমাটোৰ ৪ জন লোকৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ মহকুমাটোত মুঠ ৫০৫৫৪ টেষ্ট কৰা হৈছে ৷ মহকুমাটোত আজিলৈকে ৪৫ বছৰ উৰ্ধৰ ১৭০৪০ জনক ক’ভিড ভেকচিন প্ৰদান কৰাৰ বিপৰীতে ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ৯০১৮ জনক ক’ভিড ভেকচিন প্ৰদান কৰিছে।












