![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ধেমাজিৰ চিমেন চাপৰিত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। থানাৰ অন্তৰ্গত চিমেন কৈৱৰ্ত গাঁৱত থকা এটা কুঁৱা মেৰামতি কৰিবলৈ লওঁতে সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যুক সাৱটিবলগীয়া হয় দুই গৰাকী নিৰীহ লোকে। উক্ত কুঁৱাটো বিগত কেইবাদিনো ধৰি ব্যৱহাৰৰ অনুপযোগী হৈ আছিল আৰু তাৰ পৰা পানী যোগান ধৰিবলৈ বিজুটি হৈ থকা বৈদ্যুতিক যন্ত্ৰপাতি মেৰামতি কৰিবলৈ তললৈ নামি যায় ৰাজমিস্ত্ৰী উপেন নাৰ্জাৰী। ৩৬ ফুট তললৈ যোৱাৰ বাবে উপেন নাৰ্জাৰীয়ে অক্সিজেনৰ অভাৱত উশাহ-নিশাহত কষ্ট পোৱাত তেওঁক বচাবলৈ তললৈ নামি যায় কুঁৱাটোৰ মালিক নিতুল দাসো। তেনে অৱস্থাত, দুয়োগৰাকী লোকেই মৃত্যুক সাৱটি ল’বগীয়াত পৰে। অৱশ্যে অক্সিজেনৰ অভাৱৰ ফলত নে বৈদ্যুতিন চৰ্টৰ ফলত তেওঁলোক মৃত্যুমুখত পৰিছে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।
ঘটনা সংঘটিত হোৱাৰ লগে লগে চিমেন চাপৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ পাছত জোনাই আৰু চিলাপথাৰৰ পৰা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ জোৱানে উপেন নাৰ্জাৰী (৩২) আৰু নিতুল দাস (৩০ )ৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত্যুৰ সময়ত উপেন নাৰ্জাৰীয়ে পত্নী, এজন পুত্ৰ, দুগৰাকী কন্যা সন্তান, পিতৃ, মাতৃ আৰু নিতুল দাসে পত্নী, এজন পুত্ৰ, এজনী কন্যা, মাতৃক ইহসংসাৰত এৰি থৈ গৈছে। মৰ্মান্তিকভাৱে ঘটনাটোৰ ফলত চিমেন চাপৰি কৈৱৰ্ত গাঁৱৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।












