![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি মৃতকৰ আত্মীয়ই চিকিৎসকক নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ ৰাজ্য কঁপাই যোৱা উদালী ফুলতলি কাণ্ডৰ বলি হৈছিল সেউজ সেনাপতি নামৰ চিকিৎসকজন ৷ সম্প্ৰতি সমগ্ৰ বিষয়টো তদন্ত চলি আছে।
এই তদন্তৰ অগ্ৰগতিৰ সাম্পৰ্কে বুজ ল’বলৈ আজি হোজাই জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় অসম আৰক্ষীৰ ADGP জি.পি.সিং।
ADGP গৰাকীয়ে উপস্থিত হৈ হোজাই জিলা আৰক্ষী অধীক্ষক আৰু হোজাই জিলা সত্ৰ ন্যায়ধীশ আদালতৰ চৰকাৰী অধিবক্তা লগত উদালী কাণ্ডৰ সংক্ৰান্তত এক আলোচনাত মিলিত হয় ।
আলোচনাৰ পিছত আৰক্ষীৰ ADGP জি.পি.সিংঙে জানিবলৈ দিয়ে যে উদালীত চিকিৎসক আক্ৰমণৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আমি এক মাহত সম্পূৰ্ণ কৰি কাইলৈ শংকৰদেবনগৰ আদালতত মুঠ ৩৪ জন অপৰাধীৰ বিৰুদ্ধে প্ৰদান কৰা হ’ব চাৰশ্বীট। উল্লেখ যে মুঠ ৩৪ জন অপৰাধীৰ ভিতৰত তিনিজন নাবালক অপৰাধী আছে ।











