![]()
ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ধৰ্ষণ কাৰ্য্য। মৰিগাঁও জিলাৰ ভোৰাগাঁওৰ এটি ৯ বছৰীয়া শিশুক ধৰ্ষণ কাৰ্য সংঘটিত কৰা নৰপিশাচ ইমাম চৈয়দৰ বিৰুদ্ধে দৃষ্টামূলক শাস্তি প্ৰদানৰ বাবে আদালতত ক্ৰুটিহীন চাৰ্জশ্বিট দাখিল কৰাৰ বাবে দিনে নিশাই চেষ্টা অব্যাহত ৰখাৰ লগতে অভিযুক্ত কোনো কাৰণতে সাৰি যাব নোৱাৰে বুলি প্ৰকাশ কৰিছে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অৰ্পণা নতৰাজনে।
উল্লেখ্য যে, চলিত মাহৰ ২০ তাৰিখে সংঘটিত হোৱা এই নাৰকীয় কাণ্ড বিৰুদ্ধে ভোৰাগাওঁ আৰক্ষী থানাত গোচৰ নং ১১২/২০২১ অধীনত u/s 376(2)(f)302ipc, r/w, sec6POSCO আইনৰ ধাৰা সন্নিবিষ্ট কৰা হৈছে। অৱশ্যে এই ঘটনাৰ তদন্তৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নিজেই হেলিকপ্টাৰ যুগে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে ভোৰাগাওঁ থানাত উপস্থিত হৈছিল আৰু আৰক্ষীক কঠোৰ প্ৰদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীয়ে ভোৰা গাঁৱৰ পৰাই ঘোষণা কৰিছিল যে সকলো ধৰণৰ অপৰাধৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি অৱলম্বন হ’ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ৪৮ ঘণ্টা নৌ হওঁতে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনৰ নেতৃত্বত আৰক্ষীয়ে লম্পত ইমাম চৈয়দ অলীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই নিজৰ জিম্মা লৈ আনে। এই সন্দৰ্ভত অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে অভিযুক্তক জেৰা চলাই আছে। ইতিমধ্যে আৰক্ষীৰ আগত সেই নাৰকীও কাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে লম্পত ইমামে।












