![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নগাঁও : ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নগাঁও জিলাতো আজি সাৰ্বজনীন টিকাকৰণ কাৰ্যসূচীৰ অধীনত শিশুক পি চি ভি ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত জিলা উপায়ুক্ত কবিথা পদ্মনাভনে বন্তি প্ৰজ্বলনেৰে শিশুক পি চি ভি ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে শিশুসকলক পি চি ভি ভেকচিন প্ৰদান কৰা হয়।
আনহাতে আজি প্ৰথম গোটটোত ৫টি শিশুক পি চি ভি ভেকচিন প্ৰদান কৰা হয়। উল্লেখ্য যে নিউমোনিয়া আৰু মেনিন্জাইটিচৰ বাবে মূলতঃ প্ৰতিৰোধী ক্ষমতা সৃষ্টি কৰা এই পি চি ভি টিকা সাৰ্বজনীন টিকাকৰণ কাৰ্যসূচীৰ অধীনত বৰ্তমান শিশুসকলক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব ।
ইপিনে আজিৰ এই ভেকচিন প্ৰদান কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক সভাও অনুষ্ঠিত হয়। নগাওঁ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল পাতৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এই ব্যয় বহুল ভেকচিন বিধ শিশুসকলৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হোৱাৰ বাবে বৰ্তমানৰ চৰকাৰখনক বিশেষকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে।
আজিৰ কাৰ্যসূচীত নগাঁও জিলাৰ টিকাকৰণৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈৰ লগতে স্বাস্থ্য বিভাগৰ ভালে কেইজন শীৰ্ষ বিষয়া, চিকিৎসক আৰু নাৰ্চ উপস্থিত থাকে।













